‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰা ‘দ্য কেৰেলা ষ্ট’ৰী’লৈকে – দেশত মুক্তি লাভ কৰিছে এখনৰ পাছত আন এখন এখন বিতৰ্কিত ছবি। এই ছবিসমূহক লৈ দেশজুৰি হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈছে । এটা গোটে এই বিশেষ ধৰণৰ ছবিৰ পোষকতা কৰি আহিছে । এনে ছবিৰ বিৰোধিতা কৰা মানুহৰ সংখ্যাও কম নহয়। ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ পাছত আন এখন ছবিক লৈ বিতর্কৰ সুচনা হৈছে ৷ছবিখন হৈছে আজমীৰ ৯২’ ৷ ইতিমধ্যে ছবিখনৰ ট্ৰেইলৰ মুকলি কৰা হৈছে । ১৪ জুলাইত মুক্তি পাব এই ছবিখন। মৌলানা মেহমুদ মাদানিৰ দাবী যে এই ছবিখন ১৯৯২ চনত আজমীৰত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ নিৰ্মাণ কৰা হৈছিল। এই ছবিখনে সমাজত বিভাজন সৃষ্টি কৰিব পাৰে। সেইবাবেই এই ছবিখন নিষিদ্ধ কৰিবলৈ দাবী জনাইছে জমিয়ত-উলেমা-ই-হিন্দে।
জমিয়ত-উলেমা-ই-হিন্দৰসভাপতি মৌলানা মেহমুদ মাদানীৰ ভাষাত “হিন্দু আৰু মুছলমান ঐক্যৰ প্ৰতীক। প্ৰকৃত চুলতান হৈছে খোৱাজা মইনুদ্দিন চিস্তি। তেওঁ আজমীৰৰ। যিয়ে লাখ লাখ মানুহৰ হৃদয়ত শাসন কৰিছিল। কিন্তু বৰ্তমান সময়ত সমাজখনক বিভাজিত কৰিবলৈ যি ধৰণে বিভিন্ন পদ্ধতি গ্ৰহণ কৰা হৈছে সেয়া একেবাৰে বাঞ্ছনীয় নহয়। চিনেমা আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি এটা বিশেষ ধৰ্মক লক্ষ্য কৰি সকলো অপৰাধমূলক কাৰ্যক তাৰ লগত জড়িত কৰা হৈছে।”
সেই সময়ত আজমীৰত কি ঘটনা হৈছিল? নব্বৈৰ দশকৰ আৰম্ভণিৰ পৰিঘটনা। তাত এটা নিৰ্দিষ্ট গেং সক্ৰিয় হৈ পৰিছিল । স্কুল, কলেজৰ ছোৱালী আৰু যুৱতীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। আপত্তিজনক ফটো তুলি ব্লেকমেইল কৰিছিল, পুনৰ ধৰ্ষণ কৰাৰ ভাবুকি দিছিল। এইবাৰ এই ছবিখনে সেই সকলোবোৰ ঘটনা ডাঙৰ পৰ্দাত দেখুৱাব নে নাই সেয়া স্পষ্ট হোৱা নাই।