ৰাজ্যত ৮০ দশকত সংঘটিত এক ক’লা অধ্যায়ক সাঙুৰি এক মৰ্মস্পৰ্শী কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ‘ৰঙাটাপু-১৯৮২’ নামৰ ছবিখনে মুক্তিৰ পাছতে দর্শকৰ আকর্ষন লাভ কৰিবলৈ সক্ষম হৈছে ৷মুক্তিৰ প্ৰথম দিনটোতে অর্থাৎ ২৪ নৱেম্বৰত ছবিখনে বক্সঅফিচত ৮.৫ লাখ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ পাছতে ছবিখনৰ দর্শনীৰ সংখ্যা বৃদ্ধি কৰা হৈছে ৷ ছবিখন উপভোগ কৰা দর্শকসকলেও ইয়াৰ কাহিনী আৰু অভিনেতাসকলৰ অভিনয়ৰ ভূয়সী প্ৰশংসা কৰিছে ৷
উল্লেখ্য যে ‘ৰঙাটাপু’ বিশাল ব্ৰহ্মপুত্ৰৰ মাজৰ এটা সৰু চাপৰি৷ ১৯৮০ দশকত অসমলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰব্ৰজন ঘটিবলৈ ধৰে আৰু বসবাস কৰিবলৈ লোৱাৰ লগতে নানান হিংসাত্মক কাৰ্যত লিপ্ত হ’বলৈ লয়৷ এনেদৰেই ১৯৮০ দশকত অসমলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰব্ৰজন ঘটাৰ ফলত তেওঁলোকে অসমৰ সাৰুৱা কৃষিভূমি আৰু নদীৰ পাৰসমূহ দখল কৰি লোৱাৰ ফলত খিলঞ্জীয়া লোকসকলৰ সৈতে বিভিন্ন সংঘৰ্ষত লিপ্ত হৈছিল৷ তেনে এক তেজে ধোৱা এটা কাহিনীৰে নির্মাণ কৰা হৈছে ‘ৰঙাটাপু-১৯৮২’৷
ইপিনে, ছবিখনিৰ ট্ৰেইলাৰ মুক্তিৰ পাছতে ছবিখন চোৱাৰ বাবে নেটিজেনৰ মাজত ব্যাপক উৎসুকতা পৰিলক্ষিত হৈছে৷ বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ে প্ৰযোজনা কৰা ছবিখনিৰ পৰিচালক আদিত্যম শইকীয়া৷ মুখ্য সহকাৰী পৰিচালক ধনজিৎ দাস আৰু মৃণাল ডেকা৷ সহকাৰী পৰিচালক বিবেক বৰা৷ চিত্ৰগ্ৰহণ কৰিছে কৃষ্ণ শ্বাহে৷ শব্দ সম্পাদনা আৰু সংমিশ্ৰণ কৰিছে অমৃত প্ৰীতমে৷
আৱহ সংগীত কৰিছে অমৃত প্ৰীতম আৰু সুকুমাৰে৷ কণ্ঠদান কৰিছে ৰাকেশ ৰিয়ানে৷ ৰূপসজ্জাত আছে বিজেয়িতা পাটগিৰি৷ সম্পাদনা কৰিছে ৰণ্টু চেতিয়াই৷ চাৰিগৰাকী নাৰীৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিখনিত অভিনয় কৰিছে ক্ৰমে– আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ, ৰিম্পী দাস, বিবেক বৰা, কল্পনা কলিতা, ভাগিৰথী, হেমন্ত দেৱনাথ, আলিষ্মিতাকে আদি কৰি বহুতো ন-পুৰণি শিল্পীয়ে৷