জানুৱাৰী মাহত মুক্তি পোৱা পাঠানে হিন্দী ছবিৰ ইতিহাসত এক নজিৰ গঢ়ি তুলিছিল। শ্বাহৰুখ খানৰ ছবিখনে দেশৰ লগতে বিদেশৰ বক্স অফিচত সফলতা অজৰন কৰিছিল ৷ শ্বাহৰুখ খানৰ ‘পাঠান’ত জন আব্ৰাহামৰ অভিনয়ক প্ৰশংসা কৰা হৈছে। আনকি, বলীউডৰ কিং খ্যাত শ্বাহৰুখে নিজেই জনক প্ৰশংসা কৰিছিল। ‘ধূম’ৰ বিখ্যাত অভিনেতাগৰাকীয়ে পুনৰবাৰ একচন হিৰো হিচাপে দৰ্শক আৰু সমালোচকৰ দৃষ্টিত নিজকে সফলতাৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কিন্তু এই সফলতাই তেওঁৰ মূৰত ধৰিছে ৷ ‘পাঠান’ৰ সফলতাৰ পিছত জনে ইখনৰ পিছত সিখনকৈ ছবিৰ অফাৰ নাকচ কৰিছে ।
‘পাঠান’ৰ দৰে একচন ছবিত সফলতা লাভ কৰাৰ পিছত জন কমেডী ছবিলৈ ঘূৰি যাব নিবিচাৰে। সেই যুক্তি দেখুৱাই অভিনেতাজনে ছবিসমূহ নাকচ কৰিছে। জনে ছাজিদ খানৰ ‘১০০%’ ছবিখনত কাম কৰাৰ কথা আছিল। সকলো আলোচনা প্ৰায় চূড়ান্ত আছিল। কিন্তু শেষ মুহূৰ্তত জন কমেডী ছবি এখন কৰিব নিবিচৰাৰ কাৰণ দেখুৱাই ওলাই আহে । কেৱল এই ছবিখনেই নহয়, জন ‘যমলা পাগলা দীৱানা ২’ত কাম কৰাৰ কথা আছিল। অভিনেতাজনে একে যুক্তিৰে সেই ছবিখনৰ প্ৰস্তাৱ নাকচ কৰিছিল। সূত্ৰ অনুসৰি জন অনুৰূপ ছবিত কাম কৰি নিজকে সীমিত কৰিব বিচৰা নাছিল। সেই কথা মনত ৰাখি অভিনেতাগৰাকীয়ে প্ৰথমে ছাজিদ খানৰ ‘১০০%’ ছবিখনত কাম কৰিবলৈ সন্মত হয়।
কিন্তু ‘পাঠান’ৰ সফলতাৰ পাছত সেই চিন্তা সলনি হৈছে৷ এই মুহূৰ্তত জন একচন ছবি এৰি কমেডীলৈ ঘূৰি আহিবলৈ ইচ্ছুক নহয়।আনহাতে, ‘ধূম’ৰ পিছত জনে পুনৰ যশৰাজ ফিল্মছৰ সৈতে কাম কৰি ‘পাঠান’ৰ সৈতে সফলতা লাভ কৰে। ‘পাঠান’ৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি পোৱাৰ পিছত এইবাৰ জন একচন-থ্ৰিলাৰ চিত্ৰনাট্যৰ প্ৰতি অধিক গুৰুত্ব দিছে।