১১ আগষ্টত মুক্তি পাব “গদৰ ২: দ্য কথা কন্টিনিউজ”। মুক্তিৰ দিনা এই ছবিখনৰ ২০ লাখ টিকট বিক্ৰী হৈছে। সেইটোও কেৱল এডভান্স বুকিঙৰ জৰিয়তে। ২০০১ চনত বক্স অফিচত ‘গদৰ’ ছবিখনৰ প্ৰথম সংস্কৰণে যথেষ্ট সফলতা লাভ কৰিছিল ৷ ১৮.৫ কোটি বাজেটৰ নির্মাণ কৰা ছবিখনে বক্স অফিচত ১৩৩ কোটি টকাৰ ব্যৱসায় কৰিছিল। এইখন সেই ছবিৰ দ্বিতীয় খণ্ড।
ছবি নিৰ্মাতাসকলে ৫০ কোটি টকা খৰচ কৰি ‘গদৰ’ৰ দ্বিতীয় খণ্ড নিৰ্মাণ কৰিছে। প্ৰায় ২২ বছৰৰ মূৰত পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে ‘গদৰ’ৰ তাৰকা-ছাকিনা যুটি। আৰম্ভণিৰে পৰাই এই ছবিখনক লৈ অনুৰাগীৰ মাজত এক উন্মাদনাৰ সৃষ্টি হৈছিল।
ছবিখনৰ পৰিচালকে ২০ লাখ আগতীয়া টিকট বিক্ৰীৰ কথা ঘোষণা কৰি লিখিছে, “ভগৱানৰ অসীম কৃপা”।ইতিমধ্যে ভাৰতৰ প্ৰধান মাল্টিপ্লেক্স চেইনত প্ৰথম দিনাই বিক্ৰী হোৱা টিকটৰ সংখ্যাৰ পৰা ১৫ কোটি টকা উপাৰ্জন কৰিছে ছবিখনে। দিল্লী আৰু উত্তৰ প্ৰদেশৰ অধিকাংশ অঞ্চলতে প্ৰায় প্ৰতিটো শ্ব’ৰ বাবে প্ৰথম দিনাই প্ৰায় ৮৫ শতাংশ দৰ্শক থাকিব। পাটনাত ৭৫ শতাংশ আসন এডভান্স বুকিঙ কৰা হয়। জয়পুৰতো ছবিখনক লৈ উৎসাহ বৃদ্ধি পাইছে ৷ ৪৪ শতাংশ টিকট এডভান্স বুকিঙৰ জৰিয়তে বিক্ৰী হৈছিল। এক কথাত ক’বলৈ গ’লে এই ছবিখনৰ আৰম্ভণি শক্তিশালী। ছানী দেউলৰ এই ছবিখনে ১০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিব পাৰে নে নোৱাৰে সেয়া লক্ষণীয় হ’ব ৷