‘জৱান’ মুক্তি পাবলৈ মাজত মাথো এটা দিন বাকী। এই ছবিখনে এডভান্স বুকিঙৰ দিশত এক ধুমুহাৰ সৃষ্টি কৰিছে। ‘পাঠান’ মুক্তিৰ ৯ মাহৰ পিছত পুনৰ ডাঙৰ পৰ্দাত শ্বাহৰুখ খানৰ ছবিয়ে মুক্তি লাভ কৰিব । তাৰ আগতে তেওঁ বিভিন্ন মন্দিৰ দর্শন কৰিছে ৷ কিছুদিন পূৰ্বে তেওঁ জম্মুলৈ গৈ বৈষ্ণোদেৱীৰ মন্দিৰত পূজা আগবঢ়ায় । এইবাৰ তিৰুপতি মন্দিৰত দেখা গ’ল অভিনেতাজনক। কন্যা সুহানা খান তেওঁৰ লগত আছিল। ‘জৱান’ মুক্তিৰ পূৰ্বে নেটিজেনসকলৰ এটা অংশই শ্বাহৰুখৰ মন্দিৰ ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।
মঙলবাৰে পুৱাৰ ভাগত কন্যা সুহানা খানৰ সৈতে তিৰুপতি মন্দিৰত উপস্থিত হয় অভিনেতাগৰাকী। পৰম্পৰাগত পোছাক পৰিধান কৰি দক্ষিণ ভাৰতীয় ষ্টাইলত পূজা কৰে অভিনেতাগৰাকীয়ে। কন্যা সুহানাই পিন্ধিছিল বগা চেলৱাৰ। সোমবাৰে নিশা বৈষ্ণো দেৱীৰ মন্দিৰলৈ যোৱাৰ সময়ত শ্বাহৰুখৰ মুখখন ঢাকি থোৱা হৈছিল। আনহাতে মঙলবাৰ অৱশ্যে সম্পূৰ্ণ বেলেগ অৱতাৰত তেওঁক দেখা যায় । মন্দিৰৰ বাহিৰত অনুৰাগীসকলক হাত জোকাৰি অভিবাদন জনায় ৷ মন্দিৰৰ ভিতৰত প্ৰায় ৪০ মিনিট সময় কটায় তেওঁ । অৱশ্যে ছবিখনৰ প্ৰচাৰৰ অংশ হিচাপে অভিনেতাগৰাকীৰ সঘনাই মন্দিৰলৈ যোৱাটো বহুতে দেখিবলৈ পাইছে। অৱশ্যে দৰ্শকৰ এটা অংশৰ প্ৰশ্ন হ’ল তেওঁ অহিন্দু হিচাপে কেনেকৈ তিৰুপতি ভ্ৰমণ কৰিলে?