২০২০ চনত ঘোষণা কৰা হৈছিল আদিত্য ধৰৰ পৰিচালনাত ‘দ্য ইমৰটেল অশ্বথামা’ নামৰ ছবিৰ নির্মাণৰ কথা । ছবিখনৰ ঘোষণাৰ পিছতে বিকি কৌশলক মুখ্য অভিনেতা হিচাপে ঘোষণা কৰা হয়। কিন্তু তাৰ পিছত ছবিখন হেৰাই গ’ল ‘ৰাজী’ বিখ্যাত অভিনেতাজনৰ হাতৰ পৰা। কিছুদিন পূৰ্বে শুনা গৈছিল যে ৰণবীৰ সিঙক ছবিখনত বিকিৰ মুখ্য চৰিত্ৰত দেখা যাব। কিন্তু ৰণবীৰ সিঙকো ছবিখনৰ পৰা বাদ দিয়া হৈছে।
ইয়াৰ পৰিৱর্তে প্ৰযোজক আৰু পৰিচালকসকলে দক্ষিণৰ তাৰকাক চবিখনত ল’ব বিচাৰিছে । দক্ষিণৰ তাৰকা এন টি আৰ জুনিয়ৰ অথবা আল্লু অৰ্জুনক ছবিখনত ল’ব বিচৰা হৈছে ৷ তাৰ ভিতৰত এজনক ‘দ্য ইমৰটেল অশ্বথামা’ ছবিত মুখ্য চৰিত্ৰত দেখা যাব।
আনহাতে, ‘ছেম বাহাদুৰ’ৰ শ্বুটিং সমাপ্ত কৰিছে বিকি কৌশলে। ‘ৰাজী’ ছবিত কাম কৰাৰ পিছত পুনৰবাৰ পৰিচালক মেঘনা গুলজাৰৰ সৈতে যোগদান কৰিছে বিকি কৌশলে। ফিল্ড মাৰ্শ্বাল ছেম মানেক্সাৰৰ জীৱনৰ ওপৰত আধাৰত ছবিখনৰ চিত্ৰনাট্য প্ৰস্তুত কৰা হৈছে । এনে এক ঐতিহাসিক ভূমিকাত কাম কৰি বিকি সুখী আৰু গৌৰৱান্বিত।
‘দ্য ইমৰটেল অশ্বথামা’ৰ পৰা বিকি বাদ পৰাৰ উৰাবাতৰি বহুদিনৰ পৰা চলি আছে । কিন্তু ইমান দিনে সকলো জল্পনা-কল্পনাৰ পৰ্যায়ত আছিল। বিকি কৌশলে ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ৰ ফেম পৰিচালক আদিত্য ধৰৰ সপোনৰ ছবিখনৰ পৰা বাদ দিছে বিকিক । ‘উৰি: দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ত বিকিৰ সৈতে যোগদান কৰিছিল আদিত্যই। ব্যৱসায়ৰ ক্ষেত্ৰত বক্স অফিচত ছবিখন অতি সফল হৈছিল। সেই ছবিখনৰ প্ৰথম বর্ষপূর্তিত পৰিচালকে ‘দ্য ইমৰটেল অশ্বথামা’ ছবিখনৰ কথা ঘোষণা কৰিছিল। সেই সময়ত ছবিখনৰ প্ৰযোজক আছিল ৰনি স্ক্ৰুৱালা। পিছলৈ মহামাৰী আৰু লকডাউনৰ বাবে বাজেটৰ সমস্যাৰ বাবে ছবিখনৰ কাম ক্ৰমান্বয়ে পলম হৈ পৰিল। ক’ভিডৰ পিছত হোৱা আৰ্থিক সংকটৰ বাবে প্ৰযোজকগৰাকীয়ে এই ছবিখনৰ প্ৰযোজনাৰ পৰা আঁতৰি যায়। ফলত আদিত্যৰ ছবিখনক লৈ প্ৰায় অনিশ্চয়তাৰ সৃষ্টি হয় ৷ শেহতীয়াকৈ জিঅ’ ষ্টুডিঅ’ৰ প্ৰযোজনাত পুনৰ নতুন উদ্যমেৰে ছবিখনৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে ছবিখনৰ মুখ্য চৰিত্ৰৰ বাবে অভিনেতাজনক এতিয়াও চূড়ান্ত কৰিব পৰা নাই নিৰ্মাতাসকলে।