ডিজিটেল প্লেটফৰ্মত আজি মুক্তি লাভ কৰিলে বলিউড চুপাৰষ্টাৰ অজয় দেৱগণ অভিনীত ‘ৰুদ্ৰ: দ্য এজ অফ ডাৰ্কনেছ’ৰ প্ৰিমিয়াৰে ৷ ‘সিংহম’ৰ দৰে চুপাৰ দুপাৰ হিট ছবি দৰ্শকক উপহাৰ দিয়া শক্তিশালী অভিনেতা গৰাকীৰ অভিনয়ে সদায়েই তেওঁৰ লক্ষ লক্ষ অনুৰাগীক মনোৰঞ্জন দি আহিছে ৷ আনহাতে এইবাৰ অ’টি টি প্লেটফৰ্মতো অভিনেতা গৰাকীয়ে সৃষ্টি কৰিছে ধুমুহাৰ ৷ আজি ডিজনী হটষ্টাৰত ‘ৰুদ্ৰ: দ্য এজ অফ ডাৰ্কনেছ’ৰ প্ৰিমিয়াৰ মুক্তি পোৱাৰ লগে লগেই তেওঁৰ অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মৰম আৰু শুভকামনাৰে ওপচাই পেলাইছে অভিনেতা গৰাকীক ৷
ৰাজেশ মাপুস্কাৰৰ দ্বাৰা পৰিচালিত ‘ৰুদ্ৰ: দ্য এজ অফ ডাৰ্কনেচ’ত নাৰীৰ মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে এষা দেওল আৰু ৰাশী ৷ মনস্তাত্ত্বিক অপৰাধ কেন্দ্ৰীক নাটকখন ব্ৰিটিছ টিভি অনুষ্ঠান লুথাৰৰ ওপৰত আধাৰিত।
অজয় দেৱগণে ‘ৰুদ্ৰ’ত তেওঁৰ চৰিত্ৰৰ বিষয়ে আৰু তেওঁ অৱশেষত কিয় ডিজিটেল আত্মপ্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছিল সেই কথা এক বিবৃতি যোগে প্ৰকাশ কৰিছে এনেদৰে, “মোৰ প্ৰয়াস সদায় এক অনন্য কাহিনী আৰু ভাল প্ৰতিভাৰ সৈতে কাম কৰা লগতে ভাৰতত মনোৰঞ্জনৰ মানদণ্ড বৃদ্ধি কৰা। ডিজিটেল পৃথিৱীয়ে মোক উৎসাহিত কৰে, আৰু মই ডিজনী হটষ্টাৰ ভিআইপিত এই শৃংখলাটো দিবৰ বাবে চেষ্টা কৰি আছোঁ।”
তেওঁ লগতে কয়, “ৰুদ্ৰ – দ্য এজ অফ ডাৰ্কনেছ’ হৈছে এক অত্যন্ত আকৰ্ষণীয় কাহিনী আৰু মই এই নতুন যাত্ৰা আৰম্ভ কৰিবলৈ অপেক্ষা কৰিব নোৱাৰো! ডাঙৰ পৰ্দাত আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰাটো মোৰ বাবে নতুন নহয়, কিন্তু এইবাৰৰ এই চৰিত্ৰটো অধিক তীব্ৰ, জটিল আৰু ধূসৰ। যি টোৱে মোক চৰিত্ৰটোৰ ব্যক্তিত্বৰ প্ৰতি আটাইতকৈ বেছি আকৰ্ষিত কৰিছিল, সেয়া হ’ল তেওঁ সম্ভৱতঃ সাম্প্ৰতিক সময়ত আপুনি সন্মুখীন হ’ব পৰা আটাইতকৈ ধূসৰ চৰিত্ৰ।”
ইতিমধ্যে অজয় দেৱগনৰ ডিজিটেল মাধ্যমৰ ৱেব চিৰিজ ৰুদ্ৰ: দ্য এজ অফ ডাৰ্কনেছৰ ট্ৰেইলাৰে ছ’চিয়েল মিডিয়াত অনুৰাগীসকলৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰে। অনুৰাগীসকলে টুইটাৰত অজয় দেৱগনৰ প্ৰশংসা কৰি ছবিখনৰ বিষয়ে তেওঁলোকৰ বিভিন্ন মন্তব্যও আগবঢ়াইছে ।