বক্স অফিচত ‘মৈদান’-এ বিশেষ সফলতা লাভ কৰা নাছিল । কিন্তু এই ছবিখনত অজয় দেৱগনৰ অভিনয়ক দৰ্শকে শলাগ লৈছিল। হয়তো সেইবাবেই আকৌ এবাৰ বায়’পিকলৈ ঘূৰি আহিছে অজয় দেৱগন। কিন্তু এইবাৰ ফুটবল এৰি ক্ৰিকেটৰ খেলপথাৰত প্ৰৱেশ কৰিবলৈ ওলাইছে অজয় ।
এইবাৰ অজয়ে ভাৰতৰ প্ৰথম দলিত ক্ৰিকেটাৰ পালৱংকৰ বালুৰ চৰিত্ৰত অভিনয় কৰিব। ছবিখনৰ পৰিচালনা কৰিব তিগমাংশু ধুলীয়াই। ছবিখনৰ অন্যতম প্ৰযোজক প্ৰীতি সিঙে ছ’চিয়েল মিডিয়াত লিখিছে, “আমি ছবিখন নিৰ্মাণ কৰিছো ৰাম গুহাই লিখা ‘এ কৰ্ণাৰ অৱ এ ফৰেইন ফিল্ড’ নামৰ কিতাপখনৰ আধাৰত। ছবিখনৰ প্ৰযোজক হিচাপেও থাকিব অজয় দেৱগন ।
১৮৭৬ চনত তেতিয়াৰ বম্বে প্ৰেচিডেন্সিত বালুৰ জন্ম হৈছিল। পিছলৈ তেওঁ পুনে ক্ৰিকেট ক্লাবত উইকেটকীপাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৮৯৬ চনত হিন্দী জিমখানা ক্লাবত ক্ৰিকেটাৰ হিচাপে সুযোগ লাভ কৰে। প্ৰথম শ্ৰেণীৰ ৩৩খন খেলত বালুৱে ৭৫৩ ৰান আৰু ১৭৯ উইকেট দখল কৰে। এই ছবিখনে প্ৰান্তীয় সমাজৰ পৰা অহাৰ পিছতো ক্ৰিকেটাৰ হিচাপে তেওঁৰ সংগ্ৰামক প্ৰতিফলিত কৰিব ৷
শেহতীয়াকৈ অজয়ে কাশ্মীৰত ‘সিংহাম আয়েন’ৰ শ্বুটিং সম্পূৰ্ণ কৰিছে। ইয়াৰ পিছত দৰ্শকে নীৰজ পাণ্ডেৰ পৰিচালনাত নিৰ্মিত ‘আউৰো মেই কহান দম থা’ ছবিত দেখা যাব অজয়ক । শুনা যায় যে অজয় অভিনীত এই বায়’পিকখনৰ শ্বুটিং চলিত বৰ্ষৰ শেষৰ পৰা আৰম্ভ হ’ব পাৰে।