অৱশেষত বিয়াৰ বাবে সাজু হৈছে বলিউডৰ জনপ্ৰিয় যুটি ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্ট ৷ আজি ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে বিবাহৰ পূৰ্বৰ অনুষ্ঠান ৷ ৰণবীৰ কাপুৰৰ বাসগৃহ ‘বাস্তু’ৰ বাহিৰত পৰিলক্ষিত হৈছে বিশেষ সুৰক্ষা ব্যৱস্থাৰ ৷ নিৰাপত্তাৰক্ষীয়ে চৌহদটো বেৰিকেড কৰাৰ লগতে কৰ্মচাৰীসকলৰ ফোন চীল কৰা আৰম্ভ কৰিছে।
আনহাতে বিবাহৰ উৎসৱ আৰম্ভ হোৱাৰ লগে লগে, নীতু কাপুৰে ছ’চিয়েল মিডিয়াত স্বৰ্গীয় স্বামী ঋষি কাপুৰৰ সৈতে তেওঁৰ নিজৰ বাগদানৰ কথা মনত পেলাই পুত্ৰৰ বিয়াৰ আগতে তেওঁলোকৰ বিয়াৰ ফটো শ্বেয়াৰ কৰিছে ।
আজি মেহেন্দি অনুষ্ঠানৰ সৈতে আৰম্ভ হ’ল ৰণবীৰ আৰু আলিয়াৰ জাকজমকতাপূৰ্ণ বিবাহ উৎসৱ । বিবাহ উদযাপন আৰম্ভ কৰাৰ আগতে স্বৰ্গীয় ঋষি কাপুৰৰ স্মৃতিত অনুষ্ঠিত কৰা হৈছে পূজা । আজি অভিনেতাজনৰ বাসগৃহত অনুষ্ঠিত হোৱা মেহেন্দিৰ অনুষ্ঠানত কেৱল পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গইহে অংশগ্ৰহণ কৰিছে।
গৰুবিহুৰ দিনা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে মুম্বাইৰ বান্দ্ৰাৰ বাসগৃহ ‘বাস্তু’ত বিবাহ পাশত আৱদ্ধ হ’ব।
একালৰ জনপ্ৰিয় অভিনেত্ৰী নীতু কাপুৰে ৰণবীৰ আৰু আলিয়াৰ বিয়াৰ বাবে দিল্লী আৰু লক্ষ্ণৌৰ পৰা বিশেষ ৰান্ধনী আনিছে । বিয়াত অতিথিসকলৰ বাবে ইটালিয়ান, মেক্সিকান, পাঞ্জাৱী, মোগলাই আদিৰ দৰে বিভিন্ন ৰন্ধনপ্ৰণালী উপলব্ধ হ’ব। বিৰিয়ানী আৰু কাবাবৰ সৈতে দিল্লীৰ এটা বিশেষ চেট কাউণ্টাৰও থাকিব বিয়াৰ অভ্যৰ্থনাত। আনহাতে অনুষ্ঠানত ২৫ টাতকৈও অধিক ভেগান আৰু নিৰামিষ ব্যঞ্জন উপলব্ধ হ’ব।
ৰণবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ বিয়াত এমাহৰো অধিক সময় ধৰি নিৰাপত্তা ব্যৱস্থাৰ পৰিকল্পনা চলি আছে। অভিনেত্ৰীগৰাকীৰ ভাতৃ ৰাহুল ভাটে বাতৰি পৰ্টেলটোক কয়, “ইউছুফ ভাইয়ে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰৰ বিয়াৰ নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰিছে। তেওঁৰ মুম্বাইৰ সৰ্বশ্ৰেষ্ঠ সুৰক্ষা বাহিনী আছে – ৯/১১ সংস্থা। তেওঁক ইয়াৰ বাবে নিয়োগ কৰা হৈছে। এই সংস্থাটোৰ পৰা প্ৰায় ২০০ জন বাউন্চাৰক মাতি অনা হৈছে। মোৰ দলৰ পৰা ১০ জন ল’ৰাকো পঠিয়াব।” ৰাহুলে এইটোও কৈছিল যে ড্ৰোনবোৰ প্ৰতিৰোধী হিচাপে ৰখা হ’ব আৰু ৰোভিং পেট্ৰ’ল বিষয়াসকল প্ৰতিজন অতিথিৰ সৈতে থাকিব।
দম্পতীহালে ১৬ এপ্ৰিলৰ পুৱাৰ ভাগত পুৱা ২ বজাৰ পৰা পুৱা ৪ বজাৰ ভিতৰত বিবাহপাশত আৱদ্ধ হ’ব। এই তাৰিখটো বাছনি কৰাৰ আঁৰৰ যুক্তি হৈছে ঋষি কাপুৰ, নীতু কাপুৰ আৰু ৰণবীৰ কাপুৰৰ ৮ নম্বৰৰ প্ৰতি আসক্তি।