কিছুদিন পূর্বে কন্যা আৰু স্বামীৰ সৈতে ভাৰতলৈ আহিছিল প্ৰিয়ংকা চোপ্ৰা। কিন্তু হঠাৎ অসুস্থ হৈ পৰিছে প্ৰিয়ৎকাৰ স্বামী নিক জোনাছ।আমেৰিকান পপ তাৰকাগৰাকীয়ে নিজেই এই অসুস্থতাৰ খবৰ প্ৰকাশ কৰিছে। আগন্তুক কেইবাটাও অনুষ্ঠান বাতিল কৰি নিকে অনুৰাগীৰ ওচৰত ক্ষমা বিচাৰিছে ।
মেক্সিকোৰ তিনিখন চহৰত তেওঁ অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। কিন্তু হঠাৎ ডিঙিৰ বিষত তেওঁ আক্ৰান্ত হৈছে ৷ পৰিস্থিতি এনেকুৱা হৈছে যে তেওঁ কথা ক’বও নোৱাৰে। তাৰকাগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি তেওঁৰ ফ্লু হৈছে। তেওঁ নিজৰ ইনষ্টাগ্ৰাম পেজত অসুস্থ বুলি লিখি এইদৰে কয় –“ খবৰটো একেবাৰেই সুখী নহয়। কেইদিনমানৰ পৰা ডিঙিৰ পৰা কোনো শব্দ ওলোৱা নাই। দিন বাঢ়ি যোৱাৰ লগে লগে ডিঙিৰ অৱস্থা বেয়া হৈ যায়। জ্বৰ, শৰীৰৰ বিষ।চিকিৎসকে অলপ দিন জিৰণি ল’বলৈ পৰামর্শ দিছে ৷ গতিকে সগীতানুষ্ঠান বাতিল কৰিলোঁ। মই সম্পূৰ্ণ সুস্থ হৈ ওভতিম। কিন্তু এনেকৈ শ্ব’ বাতিল কৰি দুখ লাগে। আশা কৰো আপোনালোকৰ সহযোগিতা পাম ৷”