কেৱল দক্ষিণ ভাৰতৰে নহয় সমগ্ৰ ভাৰতৰে এগৰাকী আইকন ষ্টাৰ আল্লু অৰ্জুন যি বৰ্তমান অৱসৰ বিনোদনৰ বাবে নিউয়ৰ্ক চহৰত আছে। জনপ্ৰিয় ছবি ‘পুষ্পা’ৰ অভিনেতাজনে আমেৰিকা যুক্তৰাষ্ট্ৰত এজন বিশেষ ব্যক্তিক লগ পাইছে আৰু বিশেষ ব্যক্তিজনৰ সৈতে সামাজিক মাধ্যমত প্ৰকাশ পোৱা ছবিবোৰ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।
আল্লু অৰ্জুনে ‘গঙ্গোত্ৰী’ছবিখনেৰে নায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু এই চলচ্চিত্ৰখনৰ যোগেদি প্ৰয়াত অভিনেত্ৰী আৰতি আগৰৱালাৰ ভগ্নী আদিতি আগৰৱালায়ো আত্মপ্ৰকাশ কৰিছিল । ১৯ বছৰৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰত ‘গঙ্গোত্ৰী’ যুটিটো লগ হোৱাৰ পিছত অভিনেত্ৰী গৰাকীয়ে তেওঁলোকৰ সাক্ষাতৰ কেইখনমান ফটো সামাজিক মাধ্যমত পোষ্ট কৰিছিল আৰু লিখি লিখিছিল যে আটাইতকৈ মৰমৰ আল্লু অৰ্জুন যি প্ৰথমে এজন ভাল বন্ধু ৷
অভিনেত্ৰী গৰাকী তেওঁৰ পৰিয়ালৰ সৈতে চহৰখনত আছে ৷ অৱশ্যে আল্লু অৰ্জুন অতি সোনকালেই হায়দৰাবাদলৈ উভতি আহিব। তেওঁ শীঘ্ৰেই তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰ ‘পুষ্পা: দ্য ৰুল’ৰ ছেটত যোগদান কৰিব।