১৭ ডিচেম্বৰত মুক্তি লাভ কৰা সুকুমাৰ পৰিচালিত, একচন ড্ৰামা পুষ্পাৰ কাহিনী অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ অঞ্চলৰ চেশাচলম বনাঞ্চলত ৰঙা চেণ্ডাৰ্ছ চোৰাং ব্যৱসায়ৰ সৈতে সম্পৰ্কিত। পুষ্পাৰ নিৰ্মাতাসকলৰ মতে, চলচিত্ৰ প্ৰেমীসকলৰ সমাদৰ লাভ কৰা পুষ্পাই বিশ্বব্যাপী উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ১৭৩ কোটি টকা ৷ তেলেগু চুপাৰষ্টাৰ আল্লু অৰ্জুনৰ শেহতীয়া ছবি ‘পুষ্পা দ্য ৰাইজে’ ১৭ ডিচেম্বৰত মুক্তি লাভ কৰাৰ পিছৰে পৰা কাহিনীটোৱে দৰ্শকক আকৰ্ষিত কৰিছে। পাঁচটা ভাষাত মুক্তি পোৱা আল্লু আৰু ৰশ্মিকা মান্দন্না অভিনীত ছবিখন কেৱল দক্ষিণতে নহয়,উত্তৰ ভাৰততো সফলতাৰে চলি আছে। চলচ্চিত্ৰ সমালোচক আৰু বাণিজ্য বিশ্লেষক তৰণ আদৰ্শৰ মতে, পুষ্পাই মঙলবাৰে ৪.০৫ কোটি টকা উপাৰ্জন কৰে, যি ইয়াৰ শুক্ৰবাৰৰ উপাৰ্জনতকৈ অধিক। ছবিখনৰ মুঠ সংগ্ৰহ হৈছে ২০.১৪ কোটি টকা।
যদিও পুষ্পাই ‘ভান দৃশ্য’ আৰু ‘অ’ এণ্টাভা’ গানেৰে বিতৰ্কৰ সৃষ্টি কৰিছিল তথাপিও দৰ্শকৰ বিপুল সনাদৰ লাভ কৰি গতি অব্যাহত ৰাখিছে ছবিখনে। সামান্থা ৰুথ প্ৰভুৰ পুষ্পাত প্ৰথম আইটেম গান ‘অ’ এণ্টাভা’ নেটিজেনৰ দ্বাৰা সমালোচিত হৈছিল। ইয়াৰ বিতৰ্কিত গীত আৰু দৃশ্যৰ বাবে গানটো নিষিদ্ধ কৰিবলৈ দাবী জনাইছে। কোৱা হৈছে যে গানটোৱে পুৰুষসকলক কামুক হিচাপে চিত্ৰিত কৰিছে যিয়ে ইয়াক সমস্যাত পেলাইছে।ছবীখনৰ গান আৰু সংগীত দেৱী শ্ৰী প্ৰসাদৰ।
‘পুষ্পা’ আল্লু অৰ্জুনৰ প্ৰথম খন সৰ্বভাৰতীয় চলচ্চিত্ৰ হিচাপে চিহ্নিত হৈছে কিয়নো ছিনেমাখনে সমগ্ৰ দেশৰ একাধিক ভাষাত মুক্তি লাভ কৰিছে। ৰশ্মিকা মান্দন্নাই মহিলা মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনত অজয় গছ, সুনীল বৰ্মা, অনচুয়া ভৰদ্বাজ প্ৰতিভাশালী অভিনেতা অভিনেত্ৰীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।জনপ্ৰিয় মালায়ালম চলচিত্ৰ তাৰকা ফাহাদ ফাচিলেও ছবিখনত ভূমুকি মৰা দেখিবলৈ পোৱা গৈছে ৷