অমিতাভ বচ্চন ,ভাৰতৰেই নহয় সমগ্ৰ বিশ্বৰেই এক জনপ্ৰিয় ব্যক্তিত্ব ৷ আজি কিছুদিনৰ আগতে অভিনেতা গৰাকীয়ে ভৰি থ’লে ৮০বছৰত ৷ কিন্তু তথাপিও যেন বয়সৰ ওচৰত হাৰ মনা নাই চিৰতৰুণ অভিনেতা জনে ৷ বয়স বাঢ়ি গৈ আছে যদিও থমকি ৰোৱা নাই তেওঁ ৷ তাৰ বিপৰীতে এটাৰ পিছত আনটো কাম কৰি গৈ আছে নিৰৱচ্ছিন্নভাৱে ৷ অৱশ্যে সেয়েহে নিজকে সুস্থ সৱল কৰি ৰাখিবৰ বাবে তেওঁ নিজৰ খাদ্য তালিকাৰ পৰা ত্যাগ কৰিছে তেওঁৰ বহু প্ৰিয় খাদ্য ৷
শেহতীয়াকৈ দূৰদৰ্শনৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা ক্ৰোৰপতি’ত এজন প্ৰতিযোগীয়ে ‘জয়াজীয়ে মাছ খাই ভাল পাই নেকি’ বুলি কৰা প্ৰশ্নৰ উত্তৰত বিগ বিয়ে কৈছিল যে হয় জয়াজীয়ে মাছ বিৰাট ভাল পায় ৷
বেংগলী লোকসকলৰ দৰেই অমিতাভ বচ্চনৰো মাছ প্ৰিয় যদিও তেওঁৰ খাদ্য তালিকাৰ পৰা এতিয়া বহুতো খাদ্যই বাদ পৰিছে ৷ তেওঁ প্ৰতিযোগী জনৰ প্ৰশ্নৰ উত্তৰ দি ক’লে যে তেওঁ এতিয়া মাছ খাবলৈ বাদ দিছে ৷ লগতে আন বহুতো বস্তু আজিকালি তেওঁ নাখায় ৷ অৱশ্যে যেতিয়া বয়স কম আছিল বহুত কিবাকিবি খাবলৈ তেওঁৰ ইচ্ছা আছিল ৷কিন্তু আজিকালি সুস্থ সবল হৈ থাকিবৰ বাবেই তেওঁ মাংস,মিঠাই,ভাত,পাণ আদি তেওঁৰ প্ৰিয় খাদ্যবোৰ তালিকাৰ পৰা বাদ দিছে ৷
‘কৌন বনেগা ক্ৰোৰপতি’ত সেই বিদ্যা উদু ৰেদকৰ নামৰ প্ৰতিযোগী জনেৰে হোৱা কথোপকথনৰ অন্তত প্ৰতিযোগী গৰাকীয়ে কয় যে এই শ্ব’ টোলৈ মানুহ যদিও টকাৰ বাবে আহে তেওঁ অহাৰ একমাত্ৰ উদ্দেশ্য হ’ল বিগ বিক লগপোৱাটোহে মাত্ৰ ৷ তেওঁৰ ২২বছৰৰ সাধনাৰ ফল এই বিশেষ দিনটো ৷
৮০বছৰ বয়সতো সময়ৰ ওচৰত হাৰ মানিব নোখোজা এইজন শক্তিশালী ব্যক্তিত্বৰ অভিনেতা অমিতাভ বচ্চন ভাৰতীয় সকলৰ বাবে গৌৰৱ৷ বৰ্তমান সময়ত তেওঁ যেন ভাৰতৰ অভিনয় জগতৰ পিতৃস্বৰূপ ৷ সুস্থ আৰু সবল হৈ থাকক অভিনেতাজন ৷ সেয়াই সকলোৰে কামনা৷