পৰ্দাৰ পৰা ছ’চিয়েল মিডিয়ালৈকে অমিতাভ বচ্চনে সকলোতে মৰম লাভ কৰি আহিছে । তেওঁৰ দৈনন্দিন জীৱন, লিখা বা ছবি যিয়েই নহওক কিয়, এই সকলোবোৰে তেওঁৰ অনুৰাগীৰ হৃদয় স্পৰ্শ কৰে। ৮০ বছৰ বয়সতো তেওঁ সক্ৰিয় হৈ আছে।
তাৰকা হ’লেও শ্বুটিং স্থানত উপনীত হ’বলৈ একেটা যান-বাহন ভৰ্তি ৰাস্তাৰে যাব লাগে। গতিকে বহু গাড়ীৰ মাজত শেহতীয়াকৈ ৰাস্তাত আবদ্ধ হৈ পৰিল অভিনেতাজন। গাড়ীত বহি বহুসময় অপেক্ষা কৰি অধৈর্য্য হৈ পৰে অমিতাভ বচ্চন ৷ কিয়নো তেওঁ সদায় এটা নিৰ্দিষ্ট সময়ত শ্বুটিঙত উপস্থিত থাকিব বিচাৰে । কি পথেৰে গ’লে তেও পলম নোহোৱাকৈ শ্বুটিংস্থলীত উপস্থিত হ’ব ? অৱশেষত তেওঁ সিদ্ধান্ত ল’লে তেওঁ বাইকেৰে যাব ৷ সেইমতে বাইকৰ ব্যৱস্থা কৰি তেওঁ যানজটৰ মাজেৰে গৈ গন্তব্যস্থানত উপস্থিত হয় ৷
অমিতাভে টুইটাৰত লিখিছে, “মই তোমাক চিনি নাপাওঁ, কিন্তু তুমি যিদৰে মোক আত্মীয়ৰ দৰে উদ্ধাৰ কৰিলে, মই সময়মতে কৰ্মস্থলী পাবলৈ সক্ষম হ’লোঁ। ট্ৰেফিক এৰাই চলিবলৈ ইয়াতকৈ সহজ উপায় নাছিল, যিয়েই নহওক আগতে আহিব নোৱাৰিলোঁহেঁতেন। হালধীয়া টি-চাৰ্ট, শ্বৰ্ট আৰু টুপী পিন্ধা বন্ধু, বহুত বহুত ধন্যবাদ।”
কিনতু অমিতাভক বাইকৰ পাছত বহুৱাই শ্বুটিংস্থলীলৈ নিয়া যুৱকজনৰ পৰিচয় জানিব পৰা হোৱা নাই । ছচিয়েল মিডিয়াত ভাইৰেল হৈছে ছবিখন। শীঘ্ৰেই দেখা যাব অমিতাভক দীপিকা পাডুকনৰ বিপৰীতে তেলেগু ছবি ‘প্ৰজেক্ট কে’ত। ইয়াৰ উপৰিও অমিতাভে ৰিভু দাসগুপ্তৰ পৰৱৰ্তী ছবি ‘ছেকচন ৮৪’ৰ কাম কৰি আছে।