মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰৰ বর্ণাঢ্য প্ৰি ৱেডিং অনুষ্ঠান অনুষ্ঠিত হৈছিল গুজৰাটত ৷ দেশ বিদেশৰ তাৰকাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷ য’ত সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল পপ তাৰকা ৰিহানাই ৷ এইবাৰ দ্বিতীয়টো প্ৰি-ৱেডিং অনুষ্ঠানৰ বাবে সাজু হৈছে আম্বানী পৰিয়াল । এইবাৰ ইটালীত অনুষ্ঠিত হ’ব দ্বিতীয় প্ৰিৱেডিং অনুষ্ঠান ৷ তেওঁলোকৰ দ্বিতীয়টো প্ৰি-ৱেডিং অনুষ্ঠানত গান গাব আন এগৰাকী বিখ্যাত পপ তাৰকা ছাকিৰাই। ইয়াৰ বাহিৰেও দুৱা লিপা আৰু এ আৰ ৰহমানে পৰিৱেশন কৰিব সংগীতানুষ্ঠান ।
২৮ জুনৰ পৰা ৩০ জুনলৈ – এই তিনিদিনত অনন্ত আৰু ৰাধিকাৰ প্ৰি ৱেডিং অনুষ্ঠিত হ’ব। প্ৰায় ৬০০ অতিথিৰ সৈতে ফ্ৰান্সৰ দক্ষিণৰ পৰা এখন বিলাসী জাহাজে যাত্ৰা কৰিব। বহু দূৰ যাত্ৰাৰ পিছত ইটালীলৈ উভতি আহিব ক্ৰুজখন । দক্ষিণ ফ্ৰান্সৰ ক্ৰুজ য’ত অনন্ত আৰু ৰাধিকাই বিয়াৰ পূৰ্বে অনুষ্ঠিত কৰিব সেয়া আচলতে এটা ভাসমান ৰাজপ্ৰসাদ। এই ক্ৰুজে যিকোনো বিলাসী হোটেলক প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। তিনিদিনীয়া এই অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে ছাকিৰাই মাননি হিচাপে ল’ব প্ৰায় ৭৫ কোটি টকা।
ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে অনন্ত আৰু ৰাধিকাৰ দ্বিতীয়টো প্ৰি-ৱেডিং অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিব পাৰে। ফ্ৰান্সত সাধাৰণ ক্ৰুজৰ মূল্য প্ৰতিজন ব্যক্তিৰ বাবে ৪১ হাজাৰৰ পৰা ৮৩ হাজাৰ টকা ৷ কিন্তু আম্বানীৰ সৰু পুত্ৰৰ প্ৰি-ৱেডিং ফাংচনৰ বাবে বুকিং কৰা ক্ৰুজ ইয়াতকৈ যথেষ্ট ব্যয়বহুল বুলি চৰ্চা চলিছে।