দুখন বিগ বাজেটৰ হিন্দী ছবিযয়ে ঈদ উপলক্ষে মুক্তিৰ দিন সলনি কৰিছে ৷ ‘মৈদান’ আৰু ‘বড় মিঞা ছোটে মিঞা’ এই সপ্তাহত মুক্তিৰ কথা। প্ৰথম অৱস্থাত দুয়োখন ছবিয়ে ১০ এপ্ৰিল বুধবাৰে মুক্তি পোৱাৰ কথা আছিল। কিন্তু শেহতীয়াকৈ নিৰ্মাতাসকলে কয় যে ছবি দুখন ১১ এপ্ৰিলত মুক্তি পাব।
আচলতে নিৰ্মাতাসকলে প্ৰথমে তেওঁলোকৰ কথা ভাবি নিজৰ ছবিখনৰ মুক্তিৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল। কিন্তু পিছত গম পোৱা গ’ল যে সমগ্ৰ দেশতে বুধবাৰৰ পৰিৱৰ্তে বৃহস্পতিবাৰে ঈদ পালন কৰা হ’ব। গতিকে দুয়োখন ছবিৰ মুক্তি এদিন পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। বড়ে মিঞা ছোটে মিঞা’ ছবিখনত অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। অক্ষয়ে নিজৰ ছ’চিয়েল মিডিয়া পেজত অনুৰাগীক শুভেচ্ছা জনাই লিখিছে, “১১ এপ্ৰিলত এই ছবিখন চাওক।”আনহাতে ‘মৈদান’ৰ মূল ভূমিকাত আছে অজয় দেৱগন। অজয়ে নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে, “১০ এপ্ৰিলত পেইড প্ৰিভিউ আছে। কিন্তু বাস্তৱিক অৰ্থত মৈদান ১১ এপ্ৰিলত মুক্তি পাব।“