ৰাকুল প্ৰীত সিং আৰু ভূমি পাৰনেকাৰৰ সৈতে মুক্তি পাব জনপ্ৰিয় অভিনেতা অর্জুন কাপুৰৰ পৰৱর্তী ছবি ৷ ইনষ্টাগ্ৰামৰ জৰিয়তে অর্জুন কাপুৰে এই কথা ঘোষণা কৰিছে ৷ তেওঁ উল্লেখ কৰে যে ছবিখনৰ শিৰোনাম অতি সোনকালে প্ৰকাশ কৰা হ’ব। অনুৰাগীৰ লগতে ৰাকুল প্ৰীত সিঙেও তেওঁৰ পোষ্টৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অৰ্জুনে কাব্যিক শৈলীৰে লিখিছে-“আমাৰ ছবি প্ৰায় সম্পূৰ্ণ হৈছে,, আমাৰ বান্ধোন অসাধাৰণ, শিৰোনাম সোনকালে প্ৰকাশ পাব, আমাৰ প্ৰযোজক নং ১।”
উল্লেখ্য যে অৰ্জুনৰ হাতত আছে দ্য লেডি কিলাৰ, ভূমি নামৰ আন দুখন ছবি ৷ ইয়াৰ প্ৰযোজক হৈছে ভূষণ কুমাৰ, কৃষণ কুমাৰ আৰু শৈলেশ আৰ সিং। চিনেমাখনৰ কাহিনী সৰু চহৰৰ এজন যুৱক আৰু এগৰাকী মহিলাৰ প্ৰেম ৷
অৰ্জুনক শেষবাৰৰ বাবে দেখা গৈছিল এক ভিলেইন ৰিটাৰ্নছ ছবিত তাৰা সুতাৰিয়াৰ সৈতে ৷ যিখন ছবি বক্স অফিচত বিফল হৈছিল। ইয়াৰ পিছত তেওঁক ৰাধিকা মদন, টাবু আৰু কংকনা সেন শৰ্মাৰ সৈতে পৰিচালক আসমান ভৰদ্বাজৰ ডাৰ্ক কমেডী ছবি কুট্টেত দেখা যাব। ২০২৩ চনৰ ১৩ জানুৱাৰীত ছবিগৃহত মুক্তি পাব কুট্টে ।