বৰ্তমান সময়ৰ ভাৰতৰ এজন জনপ্ৰিয় গায়ক কেৱল এজন জনপ্ৰিয় গায়ক আৰু পৰিচালকেই নহয় ,তেওঁ বৰ্তমান সময়ৰ ভাৰতীয় আগশাৰীৰ সংগীতকাৰ সকলৰ এজন বুলি ক’ব পাৰি ৷ এযুৰি নীলা সুন্দৰ চকুৰ গৰাকী অৰমান অনুৰাগী সকলৰ হিয়াৰ আমঠু যি টেওঁৰ গুণমুগ্ধৰ মন বুজি পায় ৷ সেয়েহে শেহতীয়াকৈ তেওঁ এনে এটি গীত অনুৰাগী সকললৈ আগবঢ়াই দিছে যি গীতে শ্ৰোতা দৰ্শকৰ মন মুহি নিছে আৰু গীতটিৰ ভিডিঅ’টো এক কোটিতকৈ বেছিকৈ চোৱা হৈছে ৷
নতুন গীত ‘থিংক এবাউট ইউ’য়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ সংগীতৰ সকলো তালিকাতে এই গীত সৰ্বশ্ৰেষ্ঠ হিচাপে পৰিগণিত হৈছে ৷ আনহাতে এইয়াও নিশ্চিত যে তেওঁৰ অনুৰাগী সকলক সংগীতৰ যোগেদি তেওঁ সদায়েই কিবা এক নতুন সোৱাদ দিবলৈ সক্ষম হৈ আহিছে আৰু সেই কথা উপলব্ধি কৰিয়েই চুটি ভিডিঅ’এপ ম’জত গীতটি উদ্বোধন কৰা হৈছে ৷মুক্তি পোৱাৰ মাত্ৰ পাঁচ দিন পিছতেই ম’জৰ দৰে ডিজিটেল মাধ্যমৰ যোগে এই ঘীতে দৰ্শকৰ বিপুল সমাদত লাভ কৰা দেখা গৈছে ৷
গীতটিৰ বিষয়ে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে কয় যে তেওঁ তেওঁৰ অনুৰাগী সকলৰ সৈতে কথা ভাল পাই আৰু তেওঁৰ বৰ ভাল লাগে যেতিয়া ম’জৰ দৰে চুটি ভিডিঅ’ এপে এই সুবিধা তেওঁক দিয়ে ৷তেওঁৰ নতুন গীত ‘ইউ’ৰ বাবে তেওঁ বহুত চেষ্টা কৰিছে যাতে শ্ৰোতাই গীতটো শুনি নিজৰ প্ৰিয় ব্যক্তি,বন্ধু,নিকটতম কোনোবা আপোনজন নাইবা নিজৰ পোহনীয়া পশু-পক্ষীৰ কথা ভাৱিব পাৰে যি সদায় তেওঁৰ হৃদয়ত আছে ,যাক তেওঁ ভাল পায় ৷ শিল্পী গৰাকীয়ে কয় ,গীতটোত শ্ৰোতা দৰ্শকৰ প্ৰতিক্ৰিয়া দেখি তেওঁ অভিভূত হৈছে ৷ তেওঁ যেনকৈয়ে অনুৰাগী সকলৰ কাষলৈ নাযাওক কিয় , সদায়েই তেওঁৰ অনুৰাগী সকল তেওঁৰ বাবে বিশেষ ৷