শেহতীয়াকৈ মুক্তি পালে বলীউডৰ অভিনেতা মনোজ বাজপেয়ীয়ে অভিনীত ‘ছিৰ্ফ এক বাণ্ডা কাফি হে’ৰ ট্ৰেইলাৰ। ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতে আৰম্ভ হৈছে বিতর্ক । কাৰাবন্দী ধৰ্মীয় গুৰু আছাৰাম বাপুৱে ছবিখনৰ নিৰ্মাতালৈ প্ৰেৰণ কৰিছে আইনী জাননী। এজন স্বঘোষিত ‘গডমেন’ আৰু ধৰ্মীয় গুৰুৰ একাধিক অপৰাধৰ বিৰুদ্ধে আদালতত থিয় দিছে এজন অধিবক্তা। সেই অধিবক্তাৰ চৰিত্ৰত অভিনয় কৰিছিল ‘দ্য ফেমিলি মেন’ খ্যাত অভিনেতা মনোজ বাজপেয়ীয়ে। ছবিখনৰ ক্ৰু আৰু মেকাৰে তেওঁৰ ‘ইমেজ’ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে আছাৰাম বাপুৱে। আইনী জাননীখনত তেওঁ দাবী কৰে যে ছবিখন অতি আপত্তিজনক আৰু তেওঁৰ ভাবমূৰ্তিৰ বাবে ক্ষতিকাৰক।
যোৱা ৮ মে’ত মুক্তি পালে ‘ছির্ফ এক বন্দা কাফি হে’ৰ ট্ৰেইলাৰ। যৌন নিৰ্যাতনৰ বলি এগৰাকী নাবালক। অভিযোগ এজন স্বঘোষিত ধৰ্মীয় নেতাৰ বিৰুদ্ধে। নাবালকজনৰ হৈ আদালতত প্ৰশ্ন কৰে এজন অধিবক্তাই। তেওঁৰ নাম পি চি ছোলাংকি। সেই চৰিত্ৰত অভিনয় কৰিছিল বলীউডৰ অভিনেতা মনোজ বাজপেয়ীয়ে। যৌন নিৰ্যাতনৰ ঘটনাৰ আঁৰৰ সত্যতা প্ৰকাশ কৰিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ। এজন সাধাৰণ অধিবক্তাৰ এই অসাধাৰণ সংগ্ৰামৰ আধাৰত নিৰ্মাণ কৰা হৈছে ‘ছির্ফ এক বন্দা কাফি হে’ ছবিখন। ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতে আছাৰাম বাপুৰ অধিবক্তাই নিৰ্মাতাসকললৈ আইনী জাননী প্ৰেৰণ কৰিছে। ছবিখনৰ মুক্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবেও তেওঁলোকে অনুৰোধ জনাইছে ৷
আইনী জাননী লাভ কৰাৰ পিছতো ছবিখনক লৈ আশাবাদী প্ৰযোজক আছিফ শ্বেখ। তেওঁ দাবী কৰে যে ছবিখন চাই সকলোৱে সত্য গম পাব। লগতে উকীল পি চি ছোলাংকীৰ জীৱনভিত্তিক ছবি নির্মাণৰ অধিকাৰ তেওঁলোকৰ আছে বুলিও তেওঁ কয়। অহা ২৩ মে’ত অ’টিটি প্লেটফৰ্মত মুক্তি পাব ‘ছির্ফ এক বাণ্ডা কাফি হ্যে’ চিনেমাখন। তাৰ আগতে অৱশ্যে মনোজ বাজপেয়ী অভিনীত এই ছবিখন নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হ’ব।২০১৩ চনৰ অক্টোবৰ মাহত ছুৰাটৰ এগৰাকী মহিলাই আছাৰাম বাপু আৰু ৭জন লোকৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। লগতে তেওঁক আশ্ৰমত বলপূৰ্বকভাৱে বন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে। ২০১৪ চনৰ জুলাই মাহত আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিছিল। ২০২৩ চনত আছাৰামক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। বৰ্তমান যোধপুৰ কাৰাগাৰত আছে ৮১ বছৰীয়া স্বঘোষিত ধৰ্মীয় গুৰুজন।