VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ পাট-মুগাই ৷ বিখ্যাত নিউয়ৰ্ক ফেশ্বন উইকত অসম কন্যা সংযুক্তা দত্তৰ “আলফুল” প্ৰদৰ্শন

voicedesk by voicedesk
February 13, 2022
in মনোৰঞ্জন
নিউয়ৰ্কত সৌৰভ বিলালে অসমৰ পাট-মুগাই ৷ বিখ্যাত নিউয়ৰ্ক ফেশ্বন উইকত অসম কন্যা সংযুক্তা দত্তৰ “আলফুল” প্ৰদৰ্শন
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

নিউয়ৰ্ক, ১২ ফেব্ৰুৱাৰী: নিউয়ৰ্ক চহৰত আন্তঃৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠিল অসমৰ অসমৰ চহকী ছাঁতে শুকোৱা, মুঠিতে লুকুৱা পাট-মুগাৰ হাতে বোৱা মেখেলা-চাদৰ ৷ পাট-মুগাৰ তাঁতশালত হাতে বোৱা অনুপম চানেকিৰে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় স্তৰত সুনাম অৰ্জন কৰা প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ, অসম কন্যা সংযুক্ত দত্তই আজি শনিবাৰে খোজ দিলে বিশ্বৰ অন্যতম জনপ্ৰিয় নিউয়ৰ্ক ফেশ্বন উইকৰ ৰেম্পত ।

মাৰ্কিন যুক্তৰাষ্টৰ নিউয়ৰ্ক চিটীৰ মানহাটত অনুষ্ঠিত বিশ্বৰ অন্যতম বৃহৎ ফেশ্বন ডিজাইন শ্ব’ ‘নিউয়ৰ্ক ফেশ্বন উইক-২০২২’ত এইবাৰ সংযুক্তা দত্তৰ ফেশ্বনৰ মূল “থীম” বা বিষয় হৈছে– “আলফুল” শীৰ্ষক ডিজাইন। “আলফুল” নামেৰে সৃষ্টি কৰা এই অপৰূপ ডিজাইনত আছে অসমৰ স্বাভিমানৰ প্ৰতীক পাট-মুগাৰ হাতে বোৱা মেখেলা-চাদৰ, বিশেষ শাৰী, ফ্লই- গাউনছ ( Flowy Gowns), দ্ৰেপ- স্কাৰ্ট ( Drape-Skirts) আৰু প্ৰাচ্য-প্ৰাচ্যত্বৰ সংমিশ্ৰণৰ লেহেংগা ( Indo-Western Lehengas) ৰ আকৰ্ষণীয় বস্ত্ৰ সম্ভাৰ ।

অসমৰ থলুৱা চহকী হস্তশিল্পক আধুনিকতাৰ অপূৰ্ব সংমিশ্ৰণেৰে মহিলাৰ ভিন্নমুখী সাজপাৰক বিশ্বৰ অৰঙে-দৰঙে সমাদৃত কৰাই হ’ল সংযুক্তা দত্তৰ ” আলফুল” ফেশ্বন ডিজাইনৰ মূল লক্ষ্য । এই প্ৰসংগত ডিজাইনাৰ সংযুক্তা দত্তই কয় : “আমাৰ বহু আকাংক্ষিত এক সপোন পূৰণ হ’ল । আমাৰ নিজৰ লগতে আমাৰ শিপিনীৰ বাবেও আজি এক অতি গৌৰৱৰ দিন যে অসমৰ থলুৱা ঐতিহ্যমণ্ডিত হস্তশিল্প বিশ্বপ্ৰসিদ্ধ নিউয়ৰ্ক ফেশ্বন উইকত প্ৰদৰ্শিত হৈছে । এনে সুখানুভুতি প্ৰকাশ কৰিবলৈ সঁচাকৈ আমাৰ ভাষা নাই ।”

উক্ত অনুস্হানত নিউ য়ৰ্কৰ ভাৰতীয় দূতাবাসৰ Mr. Randhir Jaiswal ( Consul General of India ), Dr. Varun Jeph ( Deputy Consul General of India ), Mr. Senthur Kumaran ( Director, India Tourism Office ), Ms. Prem Lata – VP State Bank of India আৰু নিউয়ৰ্ক নিবাসী বহু গণ্য-মান্য ব্যক্তি উপস্হিত থাকি সংযুক্তাৰ ডিজাইনৰ ভূয়সী প্ৰশংসা কৰে।

উল্লেখযোগ্য যে অভিযন্তাৰ চৰকাৰী চাকৰি স্বেচ্ছাই ত্যাগ কৰি ফেশ্বন ডিজাইনৰ অত্যন্ত প্ৰত্যাহ্বানমূলক জগতখনত খোজ দিয়া সংযুক্তা দত্তই নিজৰ অনন্য প্ৰতিভা-কল্পদৃষ্টি আৰু সৃজনীশীলতাৰে নাতিদীৰ্ঘ সময়ৰ পৰিক্ৰমাত নিজৰ লগতে ৰাজ্যখনকো উজলাই তুলিবলৈ সক্ষম হৈছে । ইয়াৰ সমান্তৰালভাবে ডিজাইনাৰ সংযুক্তা দত্তই মুকলি কৰিছে অসমৰ থলুৱা শিপিনীৰ আত্মনিৰ্ভৰশীলতাৰ আন এক নতুন পথ । বলিউডৰ প্ৰখ্যাত অভিনেত্ৰী হেমা মালিনী, বিপাশা বসু, প্ৰীতি জিণ্টা, কৰিশ্মা কাপুৰ, জেৰিন খান আদিয়ে দেশৰ অন্যতম জনপ্ৰিয় ফেশ্বন শ্ব’ লেকমে ফেশ্বন শ্ব’ উইক, এফ ডি চি আইসহ একাধিক প্ৰসিদ্ধ ফেশ্বন শ্ব’ৰ ৰেম্পত সংযুক্তা দত্তই প্ৰস্ত্তত কৰা থলুৱা পাট-মুগাৰ ডিজাইনৰ বস্ত্ৰৰে বিশ্বৰ কোটি কোটি লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

তদুপৰি ২০১৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা ইংলেণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে পৰিধান কৰা আটকধুনীয়া সাজযোৰো প্ৰস্তত তথা ডিজাইন কৰিছিল অসম কন্যা ডিজাইনাৰ সংযুক্তা দত্তই । একক- অনন্য- অগতানুগতিক নিপুণ কলাশৈলীৰ বাবে আন্তৰ্জাতিক পৰ্যায়ৰ মাত্ৰ এমুঠিমান ডিজাইনাৰক নিউয়ৰ্ক ফেশ্বন উইকে নিজস্ব বাচনিৰে প্ৰতিবছৰে নিৰ্বাচন কৰে । চলিত বৰ্ষৰ বাবে নিউয়ৰ্ক ফেশ্বন উইকৰ তালিকাত আন্তৰ্জাতিক পৰ্যায়ৰ একাংশ বিখ্যাত ফেশ্বন ডিজাইনৰ সৈতে অসম কন্যা সংযুক্তা দত্তৰ নাম অন্তৰ্ভুক্ত হোৱা কাৰ্যই স্বাভাৱিকতে ৰাজ্যখনলৈ আনিছে এক ইতিবাচক বতৰা ।

Previous Post

“বহুবাক”ৰ উদ্যোগত বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা বিষয়ক আলোচনাচক্র

Next Post

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত প্ৰীতি ক্ৰিকেট খেল: জিলা প্ৰশাসন বিজয়ী

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত প্ৰীতি ক্ৰিকেট খেল: জিলা প্ৰশাসন বিজয়ী

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত প্ৰীতি ক্ৰিকেট খেল: জিলা প্ৰশাসন বিজয়ী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7