একেখন ছিৰিজতে অভিনয়ত ব্যস্ত। শ্বুটিং ফ্ল’ৰৰ পৰা ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণলৈকে — আজিকালি য’তেই যায় তাতেই একেলগে দেখা যায় বলিউডৰ দুই মহাতাৰকাৰ সন্তানক । এজন অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দ আৰু আনজন শ্বাহৰুখ খানৰ কন্যা সুহানা খান। কিছুদিন পূৰ্বে কাপুৰ পৰিয়ালৰ বৰদিনৰ ৰাতিৰ আহাৰত দেখা গৈছিল সুহানাক। শ্বেতা বচ্চন নন্দ, নৱায়া নোভেল্লী নন্দ আৰু অগস্ত্যৰ সৈতে একেখন গাড়ীৰ পৰা নামি অহা দেখা গৈছিল সুহানাক। তেতিয়াৰ পৰাই জল্পনা-কল্পনাৰ আৰম্ভ হৈছে ৷
পৰিচালক জয়া আখতাৰৰ নতুন ছিৰিজ ‘দ্য আৰ্চিজ’ত একেলগে অভিনয় কৰিছে । ইয়াৰ পৰাই তেওঁলোকৰ বন্ধুত্ব গঢ় লৈ উঠিছিল। পৰৱর্তী সময়ত ছিৰজৰ শ্বুটিঙৰ সময়ত সেই ঘনিষ্ঠতা বাঢ়িবলৈ ধৰে ৷ দুয়োজনে নিজৰ মাজতে অধিক সময় কটোৱা পৰিলক্ষিত হৈছে ৷
এই নতুন সম্পৰ্ক ২০২২ চনৰ আগষ্টৰ পৰাই আৰম্ভ হয় । কিন্তু তেওঁলোকে এতিয়া কোনো কথা ৰাজহুৱা কৰিবলৈ ইচ্ছুক নহয়। অগস্ত্যৰ মাতৃ শ্বেতাও তেওঁলোকৰ বন্ধুত্বত বহুত সুখী। কেৱল সুহানা আৰু অগস্ত্যই নহয়, বনী কাপুৰ আৰু শ্ৰীদেৱীৰ কনিষ্ঠ কন্যা খুছি কাপুৰে জ’য়াৰ এই নতুন ছিৰিজৰ জৰিয়তে অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিব ৷