এই প্ৰজন্মৰ বলীউডৰ উদীয়মান তাৰকা হৈছে ছাৰা অলী খান। অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰাৰ পাঁচ বছৰৰ ভিতৰতে তেওঁ নিজৰ দক্ষতাৰে নিজৰ স্থান দখল কৰিছে। অভিনয়ৰ উপৰিও ছাৰা আলী খান ব্যক্তিত্বৰ বাবেও জনপ্ৰিয়। তেওঁৰ জনপ্ৰিয়তা ছ’চিয়েল মিডিয়া পেজতো দেখা যায়। অভিনয়ৰ উপৰিও তেওঁ ভ্ৰমণো ভাল পায়। পাহাৰৰ পৰা সাগৰলৈকে, আনকি তীৰ্থযাত্ৰায়ো ছাৰাই ভ্ৰমণ কৰি ভাল পায়। কেইবাবাৰো কেদাৰনাথলৈ গৈছে তেওঁ । বৰ্তমান অভিনেত্ৰীগৰাকীয়ে নিজৰ পৰৱৰ্তী ছবি ‘জাৰা হটকে জাৰা বচকে’ৰ প্ৰচাৰত ব্যস্ত। শেহতীয়াকৈ ছাৰাই সহ অভিনেতা বিকি কৌশলৰ সৈতে উজ্জয়িনৰ মহাকাল মন্দিৰ দৰ্শন কৰিছিল। তাতে দুয়ো তাৰকাই পূজা আগবঢ়ায় ৷ ছচিয়েল মিডিয়াতোইয়াৰ ছবি পোষ্ট কৰে। সেই ছবিখন প্ৰকাশ পোৱাৰ পিছৰে পৰা একাংশই তেওঁক সমালোচনা কৰিছে ৷ ইছলাম ধর্মাৱলম্বী হোৱাৰ পাছতো তেওঁ কিয় মন্দিৰত ভৰি দিছে বুলি একাংশই ৎপ্ৰশ্ন উত্থাপন কৰিছে ? শেহতীয়াকৈ এক অনুষ্ঠানত ছাৰাই সমালোচকৰ সমালোচনাৰ প্ৰতি সঁহাৰি জনায়।
শেহতীয়া এক অনুষ্ঠানত এই প্ৰসংগত ছাৰাই কয়, “মই মোৰ কাম অন্তৰৰ পৰা কৰো। মই মোৰ দৰ্শক আৰু অনুৰাগীৰ বাবে কাম কৰো। মোৰ কাম ভাল নাপালে মোৰ বেয়া লাগে। অৱশ্যে ব্যক্তিগত বিশ্বাসৰ স্থান মোৰ নিজৰ। মই যি শ্ৰদ্ধাৰে আজমীৰ শ্বৰীফলৈ যাওঁ, সেই শ্ৰদ্ধাৰে বাংলা চাহাব, মহাকাল মন্দিৰলৈ যাওঁ। মই মন্দিৰলৈ যোৱা বন্ধ নকৰো।” যিকোনো ধর্মীয় স্থাৰ পৰিৱেশত ছাৰাই বিশ্বাস কৰে। কেৱল ধৰ্মৰ ৰং দেখি তেওঁ নিজৰ বিশ্বাস সলনি নকৰে, তেওঁ দৃঢ়প্ৰতিজ্ঞ।
অহা ২ জুনত মুক্তি পাব ছাৰা আলী খানৰ পৰৱৰ্তী ছবি। বলীউডৰ পৰিচালক লক্ষ্মণ উটেকাৰৰ পৰিচালিত এই ছবিখনত ছাৰাই বিকি কৌশলৰ সৈতে অভিনয় কৰিছে ৷