বক্স অফিচত তেওঁৰ ছবি সফল হওক বা নহওক, বছৰটোৰ ভিতৰতে ছলমান খানক ডাঙৰ পৰ্দাত দেখাৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে বাট চাই থাকে। মঙলবাৰৰ পৰা আৰম্ভ হৈছে ৰমজান মাহ। বিশেষ দিনটোত অনুৰাগীক ভাল খবৰ দিলে ভাইজান। অহা বছৰ তেওঁলোকৰ বাবে উপহাৰ আগতীয়াকৈ ঘোষণা কৰিছিল ছলমানে।
মঙলবাৰে নতুন ছবিৰ কথা ঘোষণা কৰে ছলমানে। অৱশ্যে এইবাৰ তেওঁ দক্ষিণৰ পৰিচালকৰ ওপৰত নিৰ্ভৰ কৰিছে। দক্ষিণৰ পৰিচালক এ আৰ মুৰুগাডোছৰ দ্বাৰা পৰিচালিত এই ছবিখনত অভিনয় কৰিব ছলমানে। ছবিখনৰ প্ৰযোজনা কৰিব চাজিদ নাদিয়াৱালাই। ছ’চিয়েল মিডিয়াত এই ভাল খবৰটো শ্বেয়াৰ কৰি ছলমানে লিখিছে, “মই এ আৰ মুৰুগাডোছ আৰু মোৰ বন্ধু ছাজিদ নাদিয়াৱালাৰ সৈতে মিলি এখন নতুন ছবি নির্মাণ কৰিম ৷ এই যাত্ৰাৰ বাবে আপোনালোকৰ শুভাশীষ কাম্য ৷ ছলমান খানে প্ৰকাশ কৰা অনুসৰি অহা বছৰ ঈদৰ সময়ত মুক্তি লাভ কৰিব ৷
ছলমানৰ এই ঘোষণাৰ পিছতে বলীউডত চর্চা আৰম্ভ হৈছে । উদ্যোগটোৰ এটা অংশৰ মতে, এইখন বছৰৰ এতিয়ালৈকে হোৱা আটাইতকৈ ডাঙৰ ছবিৰ ঘোষণা। দৰ্শকে ছাজিদৰ প্ৰযোজনা কৰা কেইবাখনো ছবিত ছলমানক দেখিবলৈ পাইছে। সেই যাত্ৰা আৰম্ভ হৈছিল ‘জুৰুৱা’ৰ পৰা। পিছত এই যুটিয়ে দৰ্শকক ‘মুঝছে ছাদি কৰোগী’ আৰু ‘কিক’ৰ দৰে ছবি উপহাৰ দিয়ে ৷ আনহাতে, ‘গজনী’ চিনেমাখনে বলীউডত মুৰুগাডোছৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল ৷ আমিৰ খানে তামিল ছবিখনৰ হিন্দী সংস্কৰণত অভিনয় কৰিছিল। অৱশ্যে নতুন ছবিখনৰ বিষয়বস্তু সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই নিৰ্মাতাসকলে। শুনা গৈছে যে ছবিখনত ছলমানৰ বিপৰীতে উদ্যোগটোৰ এগৰাকী শীৰ্ষ অভিনেত্ৰীক বিবেচনা কৰা হৈছে।
যোৱা বছৰ মুক্তি পাইছিল ছলমানৰ তিনিখন ছবি। ‘পাঠান’ ছবিখনত তেওঁৰ কেমিঅ’ই বছৰৰ আৰম্ভণিতে দৰ্শকৰ হৃদয় জয় কৰিছিল। কিন্তু তাৰ পিছত ‘কিছি কা ভাই কিচি কি জান’ চিনেমাখনে দৰ্শকক হতাশ কৰি তুলিলে। বছৰৰ শেষত ছলমানে পুনৰ ঘূৰি আহিল ‘টাইগাৰ ৩’ৰ সৈতে। মুৰুগাডোছে এইবাৰ ডাঙৰ পৰ্দাত ভাইজানক কেনেদৰে উপস্থাপন কৰিব সেয়া লক্ষণীয় হ’ব ৷