কঠোৰ সাধনাই যিকোনো কলাত সর্বোচ্চ অর্জনৰ মূলমন্ত্ৰ বুলি কোৱা হয় ৷ বিশেষকৈ চিনেমা অথবা নাটকৰ বিভিন্ন চৰিত্ৰত অভিনয়ৰ বাবে অভিনেতা-অভিনেত্ৰী সকলে কঠোৰ সাধনা কৰা দেখা যায় ৷ বিশেষ চৰিত্ৰত অভিনয়ৰ বাবে তেওঁলোকে নিজকে প্ৰস্তুত কৰা দেখা যায় ৷ এটা বিশেষ চৰিত্ৰত অভিনয়ৰ বাবে বাঙালী ছবিজগতৰ জন অভিনতাই লোৱা পদক্ষেপে সকলোকে আচৰিত কৰি তুলিছে ৷ মৃত্যুদণ্ডৰে দণ্ডিত এজন কয়দীৰ চৰিত্ৰৰ অভিনয়ৰ বাবে একেৰাহে ১৫ দিন কাৰো সৈতে কথা বতৰা পতাৰ পৰা বিৰত আছে ৰাহুল অৰুণোদয় বেনাৰ্জী নামৰ অভিনেতাজন ৷
সৌম্য সেনগুপ্তৰ বাংলা ছবি ‘মৃত্যুপথোজাত্ৰী’ (কোন মৃত্যুমুখত পৰিব) ৰ মুখ্য চৰিত্ৰত নিজকে প্ৰস্তুত কৰিবলৈ শ্বুটিঙৰ পূর্বে ৰাহুল অৰুণোদয় বেনাৰ্জীয়ে ১৫ দিন ধৰি ঘৰৰ মানুহৰ পৰাও বিচিন্ন হৈ থাকে ৷ বেনাৰ্জীয়ে তেওঁৰ পৰিচালকে দিয়া অধ্যয়ন সামগ্ৰীৰ লগতে কাৰাগাৰৰ কেইবাজনো বিষয়াৰ সৈতে কথা পাতি মৃত্যুদণ্ড লাভ কৰা কয়দীসকলে ফাঁচীৰ পূর্বে কেনেধৰনৰ আচৰন কৰে সেয়া জানিবলৈ চেষ্টা কৰে ৷ বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত কয়, “বেছিভাগ ক্ষেত্ৰতে মানুহে কেতিয়া মৃত্যুবৰণ কৰিব নাজানে। কিন্তু ছবিখনত মানুহজনে জানে যে ১২ ঘণ্টাৰ পিছত তেওঁৰ জীৱনৰ অন্ত পৰিব। “
পৰিচালকগৰাকীয়ে কয় যে ‘মৃত্যুপাথোজাত্ৰী’ এখন পৰীক্ষামূলক চিনেমা। ছবিখন কাল্পনিক যদিও বাস্তৱ জীৱনৰ দোষীক লৈ কিছুমান কিতাপ আৰু প্ৰি-প্ৰডাকচন পৰ্যায়ত অধিবক্তাসকলৰ সৈতে হোৱা আলোচনাৰে চিত্ৰনাট্য প্ৰস্তুত কৰা হৈছে ৷ পৰিচালকগৰাকীয়ে কয়, “মই দৰ্শকক দেখুৱাব বিচাৰিছিলো যে মৃত্যুদণ্ড লাভ কৰা দোষীৰ শেষৰ ১২ ঘণ্টা কি হ’ব পাৰে। মই ভাবো দৰ্শকে জানিব লাগিব যে এই সময়ত এজন ব্যক্তি কিমান অপৰাধবোধ, আৱেগিক অস্থিৰতা আৰু মৃত্যুৰ ভয়ৰ মাজেৰে পাৰ হ’ব লাগিব।যদি প্ৰেমক লৈ চিনেমা নিৰ্মাণ কৰিব পাৰি, যদি চিনেমাবোৰ জীৱনক লৈ হ’ব পাৰে, তেন্তে মৃত্যুক লৈ এখন চিনেমা কিয় নহয়?” ‘মৃত্যুপথোজাত্ৰী’ তেওঁৰ প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ ছবি। ইয়াৰ পূৰ্বে তেওঁ কেইখনমান চুটি ছবি নিৰ্মাণ কৰিছিল।