সৰু পর্দাৰ জনপ্ৰিয় কমেডিয়ান ভাৰতী সিং সকলোৰে বাবে চিনাকি মুখ ৷ কেইবাটাও ৰিয়েলিটি শ্ব’ত ঘোষিকাৰ ৰূপত আত্মপ্ৰকাশ কৰি জনপ্ৰিয়তা লাভ কৰা ভাৰতীয়ে দেওবাৰে জন্ম দিয়ে এটি পুত্ৰ সন্তান ৷ ভাৰতীৰ স্বামী হাৰ্শ লিম্বাচিয়াই অনুৰাগীসকলক ছছিয়েল মিডিয়াৰ জৰিয়তে এই খবৰ দিয়ে ৷ । ভাৰতী গর্ভৱতী হৈ থকাৰ সময়ৰ এখন ফটো আপলোড কৰাৰ লগতে পুত্ৰ সন্তান জন্ম হোৱা বুলি হর্ষে প্ৰকাশ কৰে ৷
এই খবৰ ৰাজহুৱা কৰাৰ লগে লগে কেইবাগৰাকীয়ো চিলিব্ৰিটিয়ে ভাৰতীক শুভেচ্ছা জ্ঞাপন কৰিছে ৷ টুইটাৰত ৰিচা শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰি কয় “আপোনালোকক অভিনন্দন আৰু আৰু আশীৰ্বাদ।“ শিল্পা শিৰোদকাৰে লিখিছিল, “মাতৃত্ব” নামৰ আটাইতকৈ ধুনীয়া পৃথিৱীখনলৈ অভিনন্দন- স্বাগতম।