অহা ১৯ জুলাইত ছবি গৃহত মুক্তি লাভ কৰিব হাস্য মধুৰ অসমীয়া বোলছবি “বিদুৰভাই”। যোৱা ১ জূলাইত “বিদুৰভাই”ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল ৷ মুকলি হোৱাৰ লগে লগে দৰ্শকৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে এই ট্ৰেইলাৰে ।
অন্যহাতে অহা ১৯ জুলাইত অসমৰ প্ৰায়সমূহ ছবি গৃহলৈ আহিবলগীয়া বিদুৰভাইক লৈ যথেষ্ট আশাবাদী দৰ্শক। ৰুটষ্টক এন্টাৰটেন্টমেন্টৰ বেনাৰত আৰু অৰ্নৱ হাজৰিকাৰ প্ৰযোজনাত নিৰ্মাণ কৰিছে হাস্যমধুৰ অসমীয়া বোলছবি “বিদুৰভাই”।
ছবিখনৰ পৰিচালনা কৰিছে অসমীয়া চুপাৰহিট বোলছবি ‘শ্ৰীৰঘুপতি’ৰ সফল পৰিচালক সুব্ৰত কাকতিয়ে। উল্লেখ্য যে ৱেবছিৰিজ হিচাপে প্ৰথমে মুক্তি পাইছিল ‘বিদুৰভাই’য়ে ৷ ৱেব চিৰজ হিচাপে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল বিদুৰভাইয়ে ৷ মূলতঃ ইয়াৰ চৰিত্ৰসমূহ মানুহৰ মনত সোমাই পৰিছিল ৷ সেই একেবোৰ চৰিত্ৰক লৈয়েই বিদুৰভাই এইবাৰ ছবিৰ ৰূপত নির্মাণ কৰা হৈছে ৷ আচুর্য বৰপাত্ৰ গোহাঁইৰ কণ্ঠত বিদুৰভাইৰ শীর্ষক গীতেও সমাদৰ লাভ কৰিছিল ৷
এই বোলছবিখনৰ অভিনয়ত আছে বিউটি বাইলুঙ হিচাপে পৰিচিত চুমকি কছাৰী, পংকজ মহন্ত, অসীম শৰ্মা, নিতু খনিকৰ, বলীন বৰা, ত্ৰৈলোক্য বৰুৱা, উজ্জল ৰাজখোৱা, ৰাজীৱ দেউৰী, হীৰক জ্যোতি বৰদলৈ, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, আচিফ জাভেদ, দীপমনি খাটনীয়াৰ, ধ্ৰুৱ কটকী, তনভীৰ জেহীৰ, পাৰ্থজ্যোতি শৰ্মা আদিয়ে।
বোলছবিখনৰ কাহিনী সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ। চিত্ৰনাট্য আৰু সংলাপ সুব্ৰত কাকতিৰ। সহযোগী পৰিচালক হিচাপে আছে হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়া। সংগীত পৰিচালকৰ দায়িত্বত প্ৰণয় দত্ত, চিত্ৰগ্ৰহণৰ দায়িত্বত বিতুল দাস, সহযোগী চিনেমেট’গ্ৰাফাৰ হিচাপে উত্তম কলিতাই দায়িত্ব পালন কৰাৰ লগতে ৰূপসজ্জাৰ কাম কৰিছে বিজিয়েতা পাটগিৰিয়ে আৰু সাজসজ্জা জুৰি কলিতাৰ।