চাৰিখন দেৱালৰ মাজত আৱদ্ধ এক জীৱন। প্ৰায় চাৰি মাহৰ বাবে গৃহবন্দী ১৭ গৰাকী প্ৰতিযোগী। যোৱা বছৰৰ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানৰ অন্তিম খণ্ড অনুষ্ঠিত হয় দেওবাৰে। নাটকীয় ভাৱে উপস্থাপন কৰা খণ্ডটোত শেষ সময়ৰ যুঁজ শীৰ্ষ তিনিৰ ভিতৰত স্থান লাভ কৰা শিৱ থাকৰে, প্ৰিয়ংকা চহৰ চৌধুৰী আৰু এম চি ষ্টেনৰ মাজত। সকলোৰে উদ্বিগ্নতা, ‘বিগ বছ ১৬’ৰ বিজয়ী কোন হ’ব?
অৱশেষত দেওবাৰে মাজনিশা ‘বিগ বছ ১৬’ৰ বিজয়ীৰ নাম ঘোষণা কৰা হয়। এই যুঁজৰ আৰম্ভণিৰে পৰা আটাইতকৈ বেছি চৰ্চিত প্ৰতিযোগী দুগৰাকী হ’ল শিৱ আৰু প্ৰিয়ংকা। দৰ্শকৰ এক বৃহৎ অংশই এই দুজনৰ ভিতৰত এজনে ট্ৰফী লাভ কৰিব বুলি ধাৰণা কৰিছিল। কিন্তু চূড়ান্ত খণ্ডটোত সকলো জল্পনা কল্পনাৰ অন্ত পেলাই শেষত এম চি ষ্টেনে শ্ৰেষ্ঠ খিতাপ লাভ কৰে। কেৱল ট্ৰফী নহয়, এই ৰেপাৰে ঘৰলৈ লৈ গ’ল প্ৰায় ৩১ লাখ ৮০ হাজাৰ টকাৰ নগদ পুৰস্কাৰ। ইয়াৰ উপৰিও তেওঁ এখন গাড়ীও লাভ কৰে ৷
হায়দৰাবাদৰ এই ৰেপাৰজনে আৰম্ভণিৰে পৰা ধৈর্য্য সহকাৰে খেলি আহিছিল ৷ কেতিয়াবা বিতৰ্কিত মন্তব্য কৰিছিল, কেতিয়াবা আকৌ এই কোঠাটোৰ পৰা ওলাই যাব বিচাৰিছিল। কিন্তু এম চিয়েও হয়তো নাজানিছিল যে শেষ হাঁহিটো তেওঁৰমুখতে জিলিকিব ৷