বৰ্তমান সময়ত বলীউডৰ এক জনপ্ৰিয় যুটী অভিনেতা কেটৰিনা কাইফ আৰু বিকি কৌশল ৷ বলীউডৰ এই দুই অভিনেতা-অভিনেত্ৰী ২০২১ চনৰ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হয়৷
দম্পতীহালে বিয়াৰ দিনৰ পৰাই তেওঁলোকৰ সম্পৰ্কক লাইমলাইটৰ পৰা আঁতৰাই ৰাখিছে যদিও আজিকালি তেওঁলোকে প্ৰায়ে সামাজিক মাধ্যমত তেওঁলোকৰ কিছুমান অন্তৰংগ মুহূৰ্তৰ আভাস দিয়ে।
বিকিৰ সৈতে বিয়াত বহাৰ পিছত হোৱা এক সাক্ষাৎকাৰত কেটৰিনা কাইফে কয় যে বিবাহৰ পিছত তেওঁৰ জীৱনটো যথেষ্ট শান্ত আৰু স্থিৰ হৈ পৰিছে কাৰণ তেওঁৰ লগত সকলো সময়তে বিকি আছে। কেট্ৰীণাৰ মতে তেওঁৰ দৰে এগৰাকী ব্যক্তিৰ জীৱনক বিকিয়েহে সঠিকভাৱে সন্তুলন কৰি ৰাখিব পাৰে । কাৰণ হাইপাৰ, ভীতিগ্ৰস্ত আৰু অত্যাধিক চিন্তা কৰা কেট্ৰীনাৰ একেবাৰে বিপৰীত বিকি । গতিকে তেওঁলোকৰ সম্পৰ্কত সেয়েহে এটা সুন্দৰ ভাৰসাম্য ৰক্ষা হৈ আছে ৷
অভিনেত্ৰীগৰাকীয়ে অলপতে কৈছিল যে যেতিয়া চলচ্চিত্ৰ নিৰ্মাতা আনন্দ এল ৰায়ে তেওঁক মনমাৰ্জিয়ানৰ ট্ৰেইলাৰ দেখুৱাইছিল তেতিয়াহে তেওঁ বিকিৰ বিষয়ে গম পাইছিল।
এই সপ্তাহৰ আৰম্ভণিতে অতি শীঘ্ৰেই মুক্তি লাভ কৰিবলগীয়া ছবি ‘ফোনভূত’ৰ নিৰ্মাতাসকলে মুম্বাইত এক বিশাল অডিঅ’ মুক্তি অনুষ্ঠানত ‘ফোনভূত’ৰ এলবাম উন্মোচন কৰাৰ সময়ত কেটৰিনাই তেওঁৰ সহ-অভিনেতা ঈশান আৰু সিদ্ধান্তৰ সৈতে ফুট টেপিং গান, ‘কিন্ন সোণা’ আৰু ‘কালিতেৰী গুট’ত নৃত্য প্ৰদৰ্শন কৰে ৷ আনহাতে চলচ্চিত্ৰখনৰ গায়ক আৰু সুৰকাৰসকলৰ সৈতে মঞ্চত তেওঁলোকে এটি ধেমেলীয়া, গ্লেমাৰাছ আৰু মনোৰঞ্জনমূলক সংগীতৰ নিশা অতিবাহিত কৰে ।
উল্লেখযোগ্য যে গুৰমীত সিঙৰ দ্বাৰা পৰিচালিত আৰু ৰবি শংকৰণ আৰু জছবিন্দৰ সিং বাথে লিখা ৷ আনহাতে ৰিতেশ চিধৱানী আৰু ফাৰহান আখটাৰৰ নেতৃত্বত ফোনভূতৰ প্ৰযোজনা এক্সেল এণ্টাৰটেইনমেণ্টৰ ৷ । ছবিখন ২০২২ চনৰ ৪ নৱেম্বৰত মুক্তি পাবলৈ ইতিমধ্যে সাজু হৈছে।