অভিনেত্ৰী হিচাপে কেইবাখনো ছবিত কৰা অভিনয়েৰে অনুৰাগীৰ হৃদয় জয় কৰিছিল বিপাশা বসুৱে। দুবছৰমান আগতে বিপাশা মাতৃ হৈছিল। তেতিয়াৰ পৰাই কন্যা দেৱীক লৈ ব্যস্ত অভিনেত্ৰী গৰাকী ৷ কিন্তু এইবাৰ বিপাশাই জীৱনৰ এক নতুন অধ্যায়ত ভৰি দিবলৈ ওলাইছে। লেখক হিচাপে অভিষেক ঘটাব তেওঁ।
গল্প বা উপন্যাস নহয়, বিপাশাই লিখিব নিজৰ জীৱনৰ বহু স্মৃতিৰ বিষয়ে । অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ জীৱন সলনি কৰা কথাবোৰ এই গ্ৰন্থত সন্নিৱিষ্ট কৰা হ’ব। তদুপৰি বিপাশাৰ এই গ্ৰন্থখনে পাঠকৰ মাজলৈ আত্ম-আৱিষ্কাৰ আৰু জীৱনৰ শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব। অভিনেত্ৰীগৰাকীয়ে কয়, ‘জীৱনত বহুত উত্থান-পতন দেখিছোঁ। কিন্তু তাৰ পিছতো আজি মই য’ত আছো সেয়া সম্ভৱ হৈছে জীৱনৰ ইতিবাচক দিশবোৰত মনোনিৱেশ কৰাৰ বাবেহে। এইবাৰ অনুৰাগীৰ সৈতে সেইবোৰ শ্বেয়াৰ কৰিব বিচাৰিছো।” বিপাশাৰ কিতাপখনৰ শিৰোনাম এতিয়াও চূড়ান্ত হোৱা নাই। অহা বছৰ প্ৰকাশ পাব গ্ৰন্থখন।
এই মুহূৰ্তত নিজকে ছবিজগতৰ পৰা আঁতৰাই ৰাখিছে বিপাশাই। ইয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ কন্যাৰ সৈতে অধিক সময় কটাব বিচাৰে। কিন্তু তেওঁৰ গ্ৰন্থখনে পাঠকক আকৰ্ষণ কৰিব বুলি আশা কৰিব পাৰি।