হলিউডৰ নতুন ছবি ৱাকাণ্ডা ফৰে এভাৰৰ মুক্তিৰ পাছত বিগত সপ্তাহটোৰ শেষৰ দুদিনৰ উপার্জনৰ তথ্য প্ৰকাশ কৰা হৈছে ৷ ব্লেক পেন্থাৰ ফ্ৰেঞ্চাইজিৰ দ্বিতীয়খন আৰু মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ চতুৰ্থ পৰ্যায়ৰ শেহতীয়া ছবিখনে ভাৰতত এতিয়ালৈকে ৫০ কোটি টকা আৰু বিশ্বজুৰি ৩৩ কোটি ডলাৰ ( ২৭০০ কোটি ) টকা সংগ্ৰহ কৰিছে।
মাৰ্ভেলৰ শেহতীয়া তথ্য মতে ব্লেক পেন্থাৰ ৱাকাণ্ডা ফ’ৰএভাৰে তৃতীয় দিন অৰ্থাৎ দেওবাৰে ১৭.৪২ কোটি টকাৰ সংগ্ৰহ কৰিছে। শুকুৰবাৰে ই ১৫.৪৮ কোটি টকা আৰু শনিবাৰে ১৭.৬৮ কোটি টকা উপাৰ্জন কৰিছিল।
২০১৮ চনত প্ৰথমখন ব্লেক পেন্থাৰ ছবিখন ডিজনী আৰু উদ্যোগটোৰ বাবে আছিল প্ৰথমখন বিগ বাজেটৰ ছুপাৰহিৰো ছবি ৷ য’ত বহুকেইজন কৃষ্ণাংগ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছিল । ছবিখনে বিশ্বজুৰি প্ৰায় ১.৪ বিলিয়ন ডলাৰ উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷
২০২০ চনত প্ৰথমখন ছবিৰ তাৰকা চেডউইক বছমেনৰ মৃত্যুৰ লগে লগে অৱশ্যে ট্ৰেজেডীৰ সৃষ্টি হয়। সহ-লেখক আৰু পৰিচালক ৰিয়ান কুগলাৰে তেওঁৰ মৃত্যুৰ পাছত ছবিখনৰ কাহিনীটোক নতুনকৈ ৰচনা কৰে ৷ লগতে কৃষ্ণাংগ মহিলা তাৰকাৰ এটা নতুন দল গঠন কৰে।
ব্লেক পেন্থাৰ ৱাকাণ্ডা ফৰ এভাৰ এই বছৰ ভাৰত আৰু বহিঃৰাজ্যৰ চিনেমাগৃহলৈ মানুহক ঘূৰাই আনিবলৈ সক্ষম হোৱা কেইখনমান ছবিৰ ভিতৰত অন্যতম। চলিত বৰ্ষৰ আৰম্ভণিতে ক’ৰোনা মহামাৰী প্ৰত্যাহাৰ কৰাৰ পাছত বিশ্বজুৰি চলচ্চিত্ৰ গৃহৰ ব্যৱসায়ত ব্যাপক অৱনতি ঘটিছিল ৷