আমেৰিকাৰ লছ এঞ্জেলছত ছবিৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হৈছে শ্বাহৰুখ খান। হঠাৎ আঘাতপ্ৰাপ্ত হোৱাৰ পাছত তেওঁৰ নাকৰ পৰা ৰক্তক্ষৰণ আৰম্ভ হয়। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। লগে লগে তেওঁৰ এটা সৰু অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, চিন্তাৰ কোনো কাৰণ নাই। অস্ত্ৰোপচাৰৰ অন্তত ঘৰলৈ উভতি আহে অভিনেতাগৰাকী। বৰ্তমান তেওঁ নিজৰ ঘৰতে আছে ৷
কেইবাদিনো দেশৰ বাহিৰত আছে শ্বাহৰুখ। লছ এঞ্জেলছত চলি আছিল এই শ্বুটিং । কিন্তু কোনখন ছবিৰ চেটত এনে দুৰ্ঘটনা সংঘটিত হৈছিল সেয়া জানিব পৰা হোৱা নাই। শ্বাহৰুখৰ ঘনিষ্ঠ সূত্ৰৰ মতে, শ্বাহৰুখ চেটত হঠাতে আঘাতপ্ৰাপ্ত হয়। নাকৰ পৰা তেজ ওলাবলৈ ধৰিলে। এক মুহূৰ্ত পলম নকৰাকৈয়ে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকৰ পৰামৰ্শ অনুযায়ী অভিনেতা গৰাকীৰ অস্ত্ৰোপচাৰো কৰা হয়। অভিনেতাজনৰ নাকত বেণ্ডেজ কৰি দিয়া হৈছে । এতিয়ালৈকে অভিনেতাগৰাকী বা তেওঁৰ টীমৰ কোনো বক্তব্য দিয়া হোৱা নাই। চাৰিটা দীঘলীয়া বছৰৰ অন্তত ‘পাঠান’ ছবিৰে ডাঙৰ পৰ্দালৈ উভতি আহিছিল শ্বাহৰুখ। ‘পাঠান’ৰ পিছত তেওঁৰ প্ৰথমখন প্যান ইণ্ডিয়ান ছবি ‘জোৱান’ মুক্তি পাবলৈ ওলাইছে। তাতো শ্বাহৰুখক সম্পূৰ্ণ একচন অৱতাৰত দেখা যাব। বৰ্তমান ‘জোৱান’ৰ পোষ্ট প্ৰডাকচনৰ কাম পূৰ্ণগতিত চলি আছে।
এতিয়া যিকোনো বিগ বাজেটৰ ছবিৰ একচন দৃশ্যৰ শ্বুটিং কৰিবলৈ বিদেশৰপৰা একচন পৰিচালক আহে। সম্পূৰ্ণ প্ৰশিক্ষিত পেছাদাৰীসকল সকলো সময়তে চেটত থাকে। তথাপিও ভাৰতীয় ছবিৰ চেটত সামান্য বিপৰ্যয় ঘটে। কিছু মাহ পূৰ্বে নাগ অশ্বিনৰ ‘প্ৰজেক্ট কে’ৰ চেটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল অমিতাভ বচ্চন। শ্বুটিং বন্ধ কৰি সম্পূৰ্ণ সুস্থ হ’বলৈও কিছুদিন সময় লাগিছিল তেওঁক । বহুতে ধৰি লৈছে যে ভাৰতীয় শ্বুটিং ফ্ল’ৰতকৈ হলিউডত ষ্টাণ্টৰ সুৰক্ষা ভাল হ’ব পাৰে। কিন্তু এই দুৰ্ঘটনাটো একচন দৃশ্যৰ শ্বুটিঙৰ সময়ত সংঘটিত হৈছে নে সাধাৰণ দৃশ্যৰ শ্বুটিঙৰৰ সময়ত শ্বাহৰুখ আহত হৈছিল সেয়া স্পষ্ট হোৱা নাই।