কেতিয়াবা আমাৰ এনে ধাৰণা হয় যে বিবাহৰ পিচত এগৰাকী নাৰীৰ কেৰিয়াৰ শেষ হৈ যায় ৷ আনকি বহু বছৰ ধৰি বলীউডৰ বিষয়েও এনে এটা ধাৰণা আছিল যে বিবাহৰ পিছতেই সমাপ্ত হয় বলীউড অভিনেত্ৰীসকলৰ কেৰিয়াৰ ।
অৱশ্যে,এই কথাক মিছা প্ৰমাণিত কৰিলে হেমা মালিনীৰ দৰে আন কেইবাগৰাকীও বলীউড অভিনেত্ৰীয়ে । বৰ্তমান সময়তো বলীউডত এনে বহুতো অভিনেত্ৰী আছে যিয়ে বিয়াৰ পিছতহে চলচ্চিত্ৰ জগতত ভৰি দিছে আৰু দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছে ৷
মৌচুমী চেটাৰ্জী বলীউডৰ তেনে এগৰাকী অভিনেত্ৰী যি ১৫ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হয় আৰু বিবাহৰ প্ৰায় দুবছৰৰ পিছত তেওঁ ‘ৰুটী কাপড়া অ’ৰ মাকান’ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ।
১৯৯৩ চনত বিবাহ পাশত আৱদ্ধ হৈছিল অভিনেত্ৰী মাহী গিল ৷ মাহীয়ে বিয়াৰ পিছত ২০০৩ চনতহে ‘হাৱাইন’ শীৰ্ষক এখন চলচ্চিত্ৰৰ দ্বাৰা আত্মপ্ৰকাশ কৰিছিল আৰু দৰ্শকৰ সহাৰি লাভ কৰিছিল।
আনহাতে জনপ্ৰিয় অভিনেত্ৰী মল্লিকা চেৰাৱতে বিবাহ আৰু বিবাহ বিচ্ছেদৰ পিছতহে চলচ্চিত্ৰ উদ্যোগত ভৰি দিছিল। প্ৰথম খন চলচ্চিত্ৰ চুপাৰহিট হোৱাৰ পিছত মল্লিকা সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিছিল ।
চিত্ৰাঙ্গদা সিঙো তেনে এগৰাকী অভিনেত্ৰী যি বিবাহৰ পিছত চলচ্চিত্ৰ জগতলৈ আহিছিল আৰু এতিয়াও তেওঁ যুঁজ দি আছে ।
বলীউড অভিনেত্ৰী ৰাখীয়ে ১৯৭০ চনত ‘জীৱন মৃত্যু’ নামৰ এখন চলচ্চিত্ৰৰ দ্বাৰা আত্মপ্ৰকাশ কৰিছিল। অৱশ্যে ইয়াৰ আগতেই তেওঁ অজয় বিশ্বাসৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু এবছৰৰ ভিতৰতে তেওঁলোক দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল। ৰাখীক বলীউডৰ হিট অভিনেত্ৰীসকলৰ ভিতৰত গণ্য কৰা হয়