বলিউডত এতিয়া চলিছে বিয়াৰ বতৰ। আঠিয়া শ্বেট্টী আৰু কে এল ৰাহুলৰ বিয়াৰ পিছত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে শেহতীয়াকৈ বিবাহপাশত আবদ্ধ হৈছে । এইবাৰ বিয়াত বহিব বলীউডৰ ‘ছত্ৰিৱলী’ ৰাকুল প্ৰীত সিং। দৰা হ’ব বলীউডৰ অভিনেতা-প্ৰযোজক জেকী ভগনানী। ৰাকুল আৰু জেকীৰ প্ৰেমৰ কথা সকলোৱে জানে ৷ অতি সোনকালেই দম্পতীহালে নিজৰ ‘স্থায়ী বুকিং’ কৰিবলৈ আগ্ৰহী।
যোৱা বছৰ ‘ডক্টৰ জি’ খ্যাত অভিনেত্ৰীগৰাকীৰ জন্মদিনত ছ’চিয়েল মিডিয়াত জেকিয়ে এটা পোষ্ট কৰিছিল। অভিনেত্ৰীগৰাকীক অভিনন্দন জনাই অভিনেতাগৰাকীয়ে লিখিছে, “আপোনাৰ অবিহনে এটাও দিন থাকিবলৈ মন নাযায়। তোমাৰ অবিহনে সুস্বাদু খাদ্যৰ কথাও মনত নপৰে ৷” ছচিয়েল মিডিয়াত ৰাকুলৰ সৈতে এখন ছবিও পোষ্ট কৰে জেকিয়ে। লগতে লিখিছে, “তোমাৰ হাঁহি যিমান ধুনীয়া, তোমাৰ গোটেই দিনটোও ইমান ধুনীয়া হওক।”প্ৰেমৰ ৰাজহুৱা ঘোষণা দিয়াৰ পিছত বিবাহৰ জল্পনা-কল্পনা আৰম্ভ হয়। যদিও ইমান দিনে কেৱল জল্পনা-কল্পনাহে আছিল, এতিয়া শুনা গৈছে যে অভিনেতা দুগৰাকীয়ে সঁচাকৈয়ে বিয়া হোৱাৰ সিদ্ধান্ত লৈছে। এইবাৰ কেৱল উপযুক্ত সময়ৰ বাবে অপেক্ষা।
শেহতীয়াকৈ সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ অভ্যর্থনা অনুষ্ঠানত দুয়োকে একেলগে দেখা গৈছিল। তেওঁলোকৰ বিবাহৰ জল্পনা-কল্পনাৰ খবৰ পোহৰলৈ অহাৰ পাছত অনুৰাগীৰ মনত এটাই প্রশ্ন হ’ল তেওঁলোক কেতিয়া বিবাহপাশত আৱদ্ধ হ’ব ৷