জীৱনৰ আটাইতকৈ সফল সময় উপভোগ কৰি আছে আলিয়া ভাটে। মাক হোৱাৰ পিছত এবছৰ বিৰতি লোৱাৰ পিছতো ইতিমধ্যে বহু কাম কৰি গৈছে। তেওঁৰ ছবিবোৰ ইখনৰ পিছত সিখনকৈ মুক্তি পাবলৈ ধৰিছে। বলীউডত ‘ৰকি আৰু ৰাণী কি প্ৰেম কাহানি’, হলিউডত ‘হাৰ্ট অৱ ষ্টোন’ মুক্তিৰ অপেক্ষাত । এক কথাত ক’বলৈ গ’লে আলিয়াৰ প্ৰতিভাক সমগ্ৰ বিশ্বতে প্ৰদৰ্শন কৰা হৈছে। আগন্তুক দুয়োখখন ছবিৰ প্ৰচাৰত দেখা গৈছে আলিয়াক। কৰণ জোহৰৰ ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ৰ বাবে মুম্বাইৰ বিভিন্ন অনুষ্ঠানলৈ গৈছিল আলিয়া । ‘হাৰ্ট অৱ ষ্টোন’ৰ প্ৰচাৰৰ বাবে তেওঁ পুনৰ ব্ৰাজিললৈ উৰা মাৰিছিল ৷
আলিয়াই গাল গাডট আৰু জেমী ডৰ্নানৰ দৰে আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ সৈতে একচন দৃশ্যত অভিনয় কৰিছে। হলিউডতো কঠোৰ পৰিশ্ৰমে নিজকে প্ৰমাণ কৰিছে আলিয়াই । আলিয়াৰ অভিজ্ঞতাও কম নহয়। বলীউড নে হলিউড, তেওঁ ক’ত কাম কৰি ভাল পাইছিল? আলিয়াই এটা সাক্ষাৎকাৰত ইয়াৰ উত্তৰ দিছিল। তেওঁ কয় “সমগ্ৰ বিশ্বতে চিনেমাৰ চেট একেই। মানুহ, আবেগ, উৎসাহ আৰু কৰ্মশৈলী একেই। দৃষ্টিভংগী একেই। কেৱল ভাষাটোহে বেলেগ। “
আলিয়াই দাবী কৰে, ছবিখন য’তেই নিৰ্মাণ কৰা হয়, উদ্দেশ্য একেই। সেয়া হ’ল দৰ্শকৰ আৱেগক স্পৰ্শ কৰা। হলিউডত কাম কৰি থকাৰ সময়তো তেওঁ উষ্মতা আৰু আতিথ্য লাভ কৰিছিল। ইয়াৰ পূৰ্বে আলিয়াই গৰ্ভৱতী অৱস্থাত শ্বুটিং কৰাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছিল। সহ-অভিনেতাসকলৰ সহযোগিতাৰ বিষয়েও তেওঁ অৱগত কৰে।
আলিয়াৰ প্ৰথমখন হলিউডৰ ছবি ‘হাৰ্ট অৱ ষ্টোন’ অতি সোনকালে মুক্তি পাব অ’টিটিত। ইয়াৰ পূৰ্বে ২৮ জুলাইত মুক্তি পাব ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’। প্ৰীতমৰ পৰিচালনাত অৰিজিত সিঙৰ গীতটিয়ে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে। আলিয়াৰ বিপৰীতে দেখা যাব ৰণবীৰ সিঙক।