বৰ্তমান সময়ত অসমৰ এজন জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা,পৰিচালক,অভিনেতা হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মিত চতুৰ্থখন অসমীয়া চিনেমা ‘বুলু ফিল্ম’৷ কাইলৈ মুক্তি লাভ কৰিবলগীয়া এই ‘বুলু ফিল্ম’ সন্দৰ্ভত পৰিচালক গৰাকীয়ে সামাজিক মাধ্যম যোগে দৰ্শক সকলক ক’লে তেওঁৰ কিছু মনৰ কথা ৷ তেওঁ ক’লে যে এপিনে চিনেমাখন নোচোৱাকৈ কেৱল নামটোৰ বাবেই সমালোচনাৰ জোৱাৰ আৰু আনপিনে চিত্ৰগৃহলৈ যোৱাৰ বাবে বহুজনৰ সংগ্ৰাম।কিন্তু তাৰ মাজতো বহুজনে চিনেমা খনৰ সফলতাৰ বাবে গভীৰ আস্থাৰে আমাৰ স’তে যুঁজি আছে। লগতে তেওঁ ইয়াকো ক’লে যে যিয়েই নহওঁক, এই ঘাত-প্ৰতিঘাতৰ মাজেৰেই আজি সন্ধিয়ালৈ তেওঁ দৰ্শকসকলক দিব কেইটামান ভাল খবৰ।
আনহাতে তেওঁ দৰ্শক সকলক আশ্বাস প্ৰদান কৰি ক’লে যে বুলু ফিল্ম কেৱল এক সপ্তাহৰ চিনেমা নহয় ৷ এবাৰ চালে দৰ্শকে কোনোদিন পাহৰিব নোৱাৰিব ছবিখন ।সঁচা নে মিছা সেয়া কাইলৈ প্ৰমাণিত হ’ব।
কিছু অন্য ধৰণৰ অথচ মানুহৰ জীৱনৰ ৰুঢ় বাস্তৱৰ সত্যতাক উজাগৰ কৰা এক কাহিনীৰে হিমাংশু প্ৰসাদ দাসে নিৰ্মাণ কৰিছে ‘বুলু ফিল্ম’। এইখন চিনেমাই শেহতীয়াকৈ ‘প্ৰাগ চিনে এৱাৰ্ডত’ কেইবাটিও শিতানত বঁটা লাভ কৰিছে।
হিমাংশু প্ৰসাদ দাসৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত চিনেমাখনত হিমাংশু প্ৰসাদ দাসে নিজে এটি মুখ্য চৰিত্ৰ ৰূপায়ণ কৰাৰ লগতে আন কেইবাটাও শক্তিশালী চৰিত্ৰ ৰূপায়ণ কৰিছে প্ৰণামী বৰা, অপূৰ্ব বৰ্মন, চাংকু নিৰঞ্জন নাথ,অনামিকা শৰণীয়া, গৌৰৱজ্যোতি দাস,শিখা ঠাকুৰীয়া আদি অভিনেতা সকলে। আনহাতে ছবিখনৰ সংগীত পল্লৱ তালুকদাৰ আৰু গীতৰ কথা সাগৰ সৌৰভৰ।
ইতিমধ্যেই সমালোচকৰ আদৰ লাভ কৰা চিনেমাখনে ৯ ছেপ্টেম্বৰত অৰ্থাৎ কাইলৈ সমগ্ৰ অসমৰ চিনেমাহল সমূহত মুক্তি লাভ কৰিব।