চেণ্ট্ৰেল ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যনে দীপিকা পাডুকন আৰু শ্বাহৰুখ খান অভিনীত পাঠানৰ নিৰ্মাতাসকলক ছবিখনৰ গীতকে ধৰি কেইবাটাও দৃশ্যৰ সালসলনি কৰিবলৈ নিৰ্দেশ দিছে। চিবিএফচিয়ে ছবিখনৰ প্ৰযোজক যশ ৰাজ ফিল্মছক ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি একচন ছবিখনৰ সংশোধিত সংস্কৰণ দাখিল কৰিবলৈ কয় বুলি বৃহস্পতিবাৰে অধ্যক্ষ প্ৰসুণ যোশীয়ে এক বিবৃতিত কয়। অৱশ্যে পাঠান নিৰ্মাতাসকলক পৰামৰ্শ দিয়া পৰিৱৰ্তনৰ সবিশেষ তেওঁ প্ৰকাশ কৰা নাই ৷
যোৱা ১২ ডিচেম্বৰত দীপিকা পাডুকন আৰু শ্বাহৰুখৰ সৈতে বেশৰাম ৰং নামৰ গীতটো মুক্তি পোৱাৰ পিছত বিতর্কৰ আৱর্তত সোমাই পৰিছে ৷গীতটোৰ এটা দৃশ্যত দেখা গৈছে যে দীপিকাই শ্বাহৰুখৰ সৈতে নৃত্য কৰি থকাৰ সময়ত কমলা ৰঙৰ ছুতি পোছাক পৰিধান কৰিছিল ৷ যাক লৈ এই বিতর্কৰ সূত্ৰপাত ঘটে ৷
যোশীয়ে কয় “চিবিএফচিৰ পৰীক্ষা সমিতিৰ হাতত প্ৰমাণপত্ৰৰ বাবে শেহতীয়াকৈ ছবিখন পৰীক্ষা সমিতিলৈ প্ৰেৰণ কৰা হৈছিল ৷চিবিএফচিৰ নিৰ্দেশনা অনুসৰি ছবিখনে যথাযথ আৰু পুংখানুপুংখ পৰীক্ষা প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হৈছে ৷ গীতকে ধৰি ছবিখনত পৰামৰ্শ দিয়া পৰিৱৰ্তনসমূহ কাৰ্যকৰী কৰিবলৈ আৰু সংশোধিত সংস্কৰণটো জমা দিবলৈ কমিটীয়ে নিৰ্মাতাসকলক নির্দেশনা দিছে ৷ চিবিএফচিৰ লক্ষ্য আছিল নিৰ্মাতাসকলৰ সৃষ্টিশীলতা আৰু দৰ্শকৰ আৱেগৰ মাজত ভাৰসাম্য ৰক্ষা কৰা, আৰু সেই অনুসৰি সমাধান বিচাৰি উলিওৱা হৈছে ।“
তেওঁ লগতে এইবুলিও কয় -“মই পুনৰ ক’ব লাগিব যে আমাৰ সংস্কৃতি আৰু বিশ্বাস গৌৰৱময়, জটিল আৰু সূক্ষ্ম। আমি সাৱধান হ’ব লাগিব যাতে ইয়াক তুচ্চ কৰি বাস্তৱ আৰু সত্যৰ পৰা মনোযোগ আঁতৰাই লৈ যায়। নির্মাতা আৰু দৰ্শকৰ মাজৰ আস্থাক সুৰক্ষিত কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ ৷”
যিসকলে বেশৰাম ৰঙক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল, আৰু ছবিখনত পৰিৱৰ্তনৰ দাবী জনাইছিল, তেওঁলোকৰ ভিতৰত মধ্যপ্ৰদেশৰ মন্ত্ৰী নৰোত্তম মিশ্ৰও আছে। বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ এখন আদালততো এই সন্দর্ভত এজাহাৰ দাখিল কৰা হৈছিল ৷ য’ত শ্বাহৰুখ, দীপিকা আদিৰ বিৰুদ্ধে গীতটোৱে ‘ধৰ্মীয় আৱেগক আঘাত কৰা’ বুলি এজাহাৰ পঞ্জীয়ন কৰা হৈছিল। জন আব্ৰাহামেও অভিনয় কৰা পাথান ছবিখন অহা ২৫ জানুৱাৰীত চিনেমাগৃহত মুক্তি পোৱাৰ কথা।এই ছবিখনৰ পৰিচালনা কৰিছে সিদ্ধাৰ্থ আনন্দই ৷