এগৰাকী দক্ষ অভিনেত্ৰী হিচাপে বলীউডত একাধিকবাৰ নিজকে প্ৰমাণ কৰিছে টাবুৱে । এইবাৰ হলিউডত অভিনয়ৰ সুযোগ লাভ কৰিছে টাবুৱে। ইতিমধ্যে বিয়পি পৰিছে এই খবৰ ৷
বিগত কেইবছৰমানৰ পৰা হলিউডৰ কল্পবিজ্ঞান ছবিৰ ধাৰাত ‘ডুন’ ফ্ৰেঞ্চাইজি জনপ্ৰিয় হৈ পৰিছে। এই ফ্ৰেঞ্চাইজিৰ নতুন ছিৰিজ (‘ডুন: প্ৰফেচি’)ত টাবুৱে সুযোগ লাভ কৰিছে । সূত্ৰ অনুসৰি ডেনিছ ভিলেনিউভৰ পৰিচালনাত নিৰ্মিত ‘ডুন’ ছবিখনৰ প্ৰিক্যুৱেল আৰম্ভ হৈছে। এই ধাৰাবাহিকখনত ছিষ্টাৰ ফ্ৰান্সেস্কাৰ চৰিত্ৰত অভিনয় কৰিব অভিনেত্ৰীগৰাকীয়ে। নিৰ্মাতাসকলৰ মতে, ধাৰাবাহিকখনত ৰাজপৰিয়ালৰ শক্তিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত টাবুৰ চৰিত্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
ইয়াৰ পূৰ্বে টাবুৱে হলিউডৰ কেইবাখনো ছবিত অভিনয় কৰিছে। তাৰ ভিতৰত লাইফ অৱ পাই’, ‘দ্যা নেমছেক ’ আদি অন্যতম। ইয়াৰ উপৰিও দৰ্শকে তেওঁক ‘দ্য টেবল বয়’ ৱেব ছিৰিজতো তেওঁক দেখা গৈছিল । ফ্ৰেংক হাৰবাটৰ ‘ডুন’ ছবিখনে দেখুওৱা সময়ৰ ১০ হাজাৰ বছৰৰ আগৰ প্ৰেক্ষাপটত নিৰ্মাতাসকলে এই ছিৰিজ নির্মাণ কৰিব ৷ অৱশ্যে এই ছিৰিজ কেতিয়া মুক্তি লাভ কৰিব সেই সন্দৰ্ভত তেওঁলোকে কোনো তথ্য প্ৰকাশ কৰা নাই। ছবিখনত এমিলি ৱাটছন, অলিভিয়া উইলিয়ামছ, মাৰ্ক ষ্ট্ৰং আদিয়ে অভিনয় কৰিব।