দেওবাৰে চেন্নাইত অনুষ্ঠিত হয় এ আৰ ৰহমানৰ অনুষ্ঠান। গধূলিৰ পৰা প্ৰচণ্ড ভিৰ পৰিলক্ষিত হয় সংগীতানুষ্ঠানত । মূল চহৰ চেন্নাইৰ পৰা অলপ দূৰৈত থকা আদিত্যৰাম প্ৰাসাদত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰায় ৫০ হাজাৰ লোকৰ বহাৰ ব্যৱস্থা আছিল। অৱশ্যে অস্কাৰ বিজয়ী সুৰকাৰগৰাকীৰ অনুষ্ঠান চাবলৈ ভিৰ বাঢ়ি গৈ থাকিল। আসনৰ সংখ্যাতকৈ অধিক লোকৰ সমাগম হোৱাৰ বাবেই আৰম্ভ হ’ল হুলস্থুল। কেইবাজনো লোক পদপিষ্ট হোৱাৰ খবৰ পোৱা গৈছে, জনসমাগমৰ বাবে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ পৰিছে শিশু। অভিযোগ অনুসৰি বিশৃংখলতাৰ সময়ত মহিলাক নিৰ্যাতনৰ ঘটনাও সংঘটিত হৈছিল। বহু অনুৰাগীয়ে এডভান্স টিকট ক্ৰয় কৰি প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানস্থলীত ।
যোৱা ১২ আগষ্টত অনুষ্ঠিত হোৱাৰ কথা আছিল এই অনুষ্ঠান। অৱশ্যে বেয়া বতৰৰ বাবে এই অনুষ্ঠান বাতিল কৰা হয়। সেই সময়ত ৰহমানে ছ’চিয়েল মিডিয়াত লিখিছিল, ‘বতৰ বেয়াৰ বাবে অনুৰাগীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানটো বাতিল কৰা হৈছে। পৰৱৰ্তী শ্ব’ৰ তাৰিখ অতি সোনকালে ঘোষণা কৰা হ’ব।” সেই অনুসৰি শ্ব’ৰ তাৰিখ পিছুৱাই দিয়া হ’ল। কিন্তু ৰহমানৰ অনুষ্ঠানৰ দিনা বিৰাট হুলস্থুলৰ সৃষ্টি হয়।
তেওঁৰ অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে। তেওঁ এই অনুষ্ঠানৰ আয়োজকক দোষাৰোপ কৰে। একাংশই খোদ ৰহমানৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছে। এজন ব্যক্তিয়ে লিখিছে, “মোৰ মাজত থকা ৩০ বছৰীয়া অনুৰাগীজনৰ আজি মৃত্যু হ’ল। মঞ্চত থিয় হৈ থকা শিল্পীজনে দেখা নাপালে কি হৈছে!” আন এজন ব্যক্তিয়ে লিখিছে, “বহুত বেয়া মেনেজমেণ্ট। সকলো টকা অপচয় হ’ল। শক্তি অপচয় হ’ল। সঁচাকৈয়ে চিন্তিত যেতিয়া মই ইয়াত উপস্থিত হ’লোঁ, ইমান হুলস্থুল চলি আছে, এটাও গীত শুনিব নোৱাৰিলোঁ।” অৱশ্যে দেওবাৰে সন্ধিয়া তেওঁৰ অনুষ্ঠানত বিশৃংখল পৰিস্থিতিৰ সন্দৰ্ভত এতিয়াও নিমাত হৈ আছে ৰহমান।