আদিপুৰুষ ছবিখনক লৈ আৰম্ভণিৰে পৰাই বিতৰ্ক চলি আহিছে। ইয়াৰ পিছত প্ৰথম তিনিদিনতে ‘আদিপুৰুষ’-এ ভাল সফলতা লাভ কৰে। কিন্তু দিন আগবাঢ়ি যোৱাৰ লগে লগে বিতৰ্ক বাঢ়ি আহিল। এই ছবিখনৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰতিবাদ। ‘আদিপুৰুষ’ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ দাবীত খোদ প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখা হৈছে। ছবিখনত ৰাম ৰূপে প্ৰভাসৰ ৰাজকীয় চৰিত্ৰক লৈ উন্মাদনাৰ সৃষ্টি হৈছে ৷ চিনেমা হলত হনুমানৰ বাবে সংৰক্ষিত আসন সন্দৰ্ভতো ছচিয়েল মিডিয়াত তীব্ৰ চৰ্চা চলিছে। আনহাতে, হিন্দী মহলত এই ছবিখনক লৈ এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে। এই অনুশীলনৰ কেন্দ্ৰবিন্দুত আছে হনুমানৰ সংলাপ । সংলাপ লেখক মনোজ মুন্টাছিৰে নিয়মিতভাৱে মৃত্যুৰ ভাবুকি লাভ কৰি আহিছে। বৰ্তমানৰ ‘অশ্লীল’ ভাষাটো শুধৰণি কৰি উপযুক্ত সংলাপেৰে ছবিখন পুনৰ মুক্তি দিয়া হ’ব বুলিও প্ৰকাশ কৰিছেনিৰ্মাতাসকলে। বিতর্কই ছবিখনৰ ব্যৱসায়ত প্ৰভাৱ পেলাইছে ৷ তিনিদিনৰ পাছতো তললৈ নামি আহিছে উপার্জন কৰা ধনৰ পৰিমান ৷ । দেওবাৰে য’ত আয় আছিল ৬০ কোটি, সপ্তাহৰ আৰম্ভণিতে এক জোকাৰণিৰ দৰে আয় প্ৰায় ৭৭ শতাংশ হ্ৰাস পাব বুলি সকলোৱে আশংকা কৰিছে । সকলোৱে আশা কৰিছে বক্স অফিচত ২০ কোটি টকালৈ সেয়া হ্ৰাস পাব ৷
চলচ্চিত্ৰ বিশ্লেষক তৰণ আৰ্দাশে ছবিখনক ‘আৱৰ্জনা’ বুলি ঘোষণা কৰি লিখিছে, “এই ছবিখনে নেতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছিল।সপ্তাহটোৰ আৰম্ভণিতে বক্স অফিচত নেতিবাচক সহাৰি লাভ কৰিছে ৷”
ওম ৰাউতৰ দ্বাৰা পৰিচালিত ছবিখনে মুক্তিৰ দিনটোত বিশ্বজুৰি ১৪০ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ পিছৰ দুদিন শনিবাৰ আৰু দেওবাৰে প্ৰায় ১০০ কোটি টকা উপাৰ্জন কৰিছিল। তিনিদিনত মুঠ আয় ৩৪০ কোটি। সূত্ৰ অনুসৰি সোমবাৰে এই ছবিখনৰ আয় আছিল ৮.৫ কোটি। বিতর্কৰ পাছত এই ছবিখনৰ প্ৰায় ৭৭ শতাংশ আয় হ্ৰাস পালে।
৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই ছবিখনৰ ভিএফএক্সৰ কামত আৰম্ভণিৰে পৰাই নেতিবাচক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সপ্তাহৰ আৰম্ভণিতে আয় কমি গ’লেও লোকচানৰ সম্ভাৱনা নাই নির্মাতাৰ ৷ ইতিমধ্যে ছবিখনৰ বাজেটৰ ৮৫% বিভিন্ন উৎসৰ পৰা নিৰ্মাতাসকলে লাভ কৰিছে ?