মুম্বাইত জনপ্ৰিয় অভিনেতা শিৱ কুমাৰ সুব্ৰমনিয়ামৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ চলচিত্ৰ জগততে এক শোকাবহ পৰিবেশৰ সৃষ্টি কৰিছে । তেওঁ ‘টু ষ্টেট্ছ’, ‘হিচ্কি’, ‘নেইল পলিছ’, ‘ৰকি হেণ্ডচম’ আদি চলচ্চিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল । দুখৰ কথা যে তেওঁ তেওঁৰ একমাত্ৰ পুত্ৰক ২ মাহ আগতে ব্ৰেইন টিউমাৰত হেৰুৱাইছিল।
অভিনেতা-চিত্ৰনাট্যকাৰ প্ৰতিভাশালী শিল্পী শিৱ কুমাৰ সুব্ৰমনিয়ামক শেষবাৰৰ বাবে মীনাক্ষী সুন্দৰেশ্বৰত দেখা গৈছিল, যিয়ে সান্যা মালহোত্ৰাৰ অনস্ক্ৰীণ পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।সোমবাৰে ৰাতিপুৱা মুম্বাইৰ মোক্ষধামৰ হিন্দু শ্মশানভুমত সুব্ৰমনিয়ামৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় ৷
অভিনেতা গৰাকীৰ মৃত্যুত শোকস্তব্ধ হোৱা বহু অভিনেতা-অভিনেত্ৰীয়ে বিভিন্ন সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷
অভিনেত্ৰী আয়েশা ৰজা মিশ্ৰাই সোমবাৰে তেওঁৰ ফেচবুক একাউণ্টত অভিনেতা গৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰি লিখিছে , “শান্তিত থাকক শিৱ। মই আৰু কি ক’ব পাৰোঁ। বিষমুক্ত হওঁক আৰু মোৰ বন্ধুক বিশ্ৰাম দিয়ক।”
চলচ্চিত্ৰ নিৰ্মাতা বিনা চাৰৱাৰে টুইট কৰিছে, “এই বাতৰিটো শুনি হতাশ হৈ পৰিছোঁ। অবিশ্বাস্যভাৱে দুখজনক, যিহেতু তেওঁৰ আৰু দিব্যাৰ একমাত্ৰ সন্তান জাহানৰ মাত্ৰ দুমাহ আগতে মৃত্যু ঘটিছিল, ১৬তম জন্মদিনৰ দুসপ্তাহ আগতে ব্ৰেইন টিউমাৰে লৈ গৈছিল তেওঁক।”
শিৱ কুমাৰ সুব্ৰমনিয়ামে ১৯৮৯ চনত বিধু বিনোদ চোপ্ৰাৰ পৰিন্দাৰ চিত্ৰনাট্য লিখি চলচ্চিত্ৰত যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ ‘১৯৪২’, ‘এ লাভ ষ্টৰী’, ‘ইচ ৰাত কি সুবহ নহী’, ‘অৰ্জুন পণ্ডিত’, ‘চামেলি’, ‘হাজাৰ’ খৱাহিছে এইচি’ আৰু ‘টিন পট্টি’ৰ দৰে উল্লেখযোগ্য চলচ্চিত্ৰৰ বাবে লেখক হিচাপেও কৃতিত্ব লাভ কৰিছে ৷ সুব্ৰমনিয়ামে ক্ৰমান্বয়ে ‘হাজাৰ’ খ্বাহিছে এইচি’ আৰু ‘পৰিন্দা’ৰ বাবে শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল।