বৃহস্পতিবাৰে আছিল ৰণবীৰ সিঙৰ ৩৮তম জন্মদিন। বিশেষ দিনটোত অভিনেতাগৰাকীক উদ্যোগৰ বন্ধু-বান্ধৱীৰ পৰা অনুৰাগীলৈ শুভেচ্ছাৰে ওপচাই পেলালে । কিন্তু আন এটা কথাই অনুৰাগী সকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। অনুৰাগীসকলে দীপিকাৰ শুভেচ্ছাৰ বাবে অপেক্ষা কৰি আছিল। কিন্তু জন্মদিন পাৰ হোৱাৰ পাছতো দীপিকাই ছচিয়েল মিডিয়াত ৰণবীৰ সিঙক জনোৱা নাছিল শুভেচ্ছা ৷ ফলত বলিউডৰ ভিতৰচ’ৰাত নতুন জল্পনা-কল্পনা আৰম্ভ হৈছে। গতিকে বলীউডৰ প্ৰথম শাৰীৰ এই দম্পতীহালৰ মাজত আউল লাগিছে নেকি ?
সাধাৰণতে ছ’চিয়েল মিডিয়াত দীপিকা যথেষ্ট সক্ৰিয়। যদিও তেওঁ নিজৰ ব্যক্তিগত জীৱনক লুকুৱাই ৰাখিব বিচাৰে, তথাপিও তেওঁ কেতিয়াবা কিছুমান মুহূৰ্ত নিজৰ অনুৰাগীৰ বাবে শ্বেয়াৰ কৰে। শেহতীয়াকৈ যিদৰে অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত হালধীয়া ৰঙৰ টেক্সিত উঠি যোৱাৰ ভিডিঅ’ পোষ্ট কৰিছিল। আনকি দীপিকাই আন এটা পোষ্টত নিজৰ খাদ্যৰ এখন ছবিও নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছিল। কিন্তু স্বামীৰ জন্মদিনত ৰাজহুৱাভাৱে অভিনন্দন জ্ঞাৎপন নকৰাত আচৰিত হৈ পৰিছে অভিনেত্ৰী গৰাকীৰ অনুৰাগীসকল ৷ এজন অনুৰাগীয়ে টুইটাৰত লিখিছে, “মই গোটেই দিনটো ৰণবীৰৰ জন্মদিনত দীপিকাৰ শুভেচ্ছাৰ বাবে অপেক্ষা কৰি আছিলো।”আন এজন অনুৰাগীয়ে দীপিকাক সুধিছে, “আপুনি আপোনাৰ স্বামীৰ জন্মদিন কেনেকৈ পাহৰি গ’ল?”
অৱশ্যে ইয়াৰ পূৰ্বেও দীপিকা-ৰণবীৰৰ বিচ্ছেদৰ জল্পনা-কল্পনা বলীউডত কেইবাবাৰো বিয়পি পৰিছে। কিন্তু প্ৰতিবাৰেই এই দম্পতীহালে অনুৰাগীৰ আন্দাজ ভুল প্ৰমাণ কৰি আহিছে। বৃহস্পতিবাৰে ৰণবীৰৰ জন্মদিনত অভিনেতাগৰাকীক বিশেষ বাৰ্তা প্ৰদান কৰে কৰণ জোহৰে। ‘ ইনষ্টাগ্ৰামত আলিয়া ভাটেও ৰণবীৰক শুভেচ্ছা জনায়। কেৱল দীপিকাহে এই তালিকাৰ পৰা বাদ পৰিল। চলিত মাহত মুক্তি পাব ৰণবীৰ অভিনীত ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী। আনহাতে, দীপিকা এতিয়া দুখন ছবি ‘ফাইটাৰ’ আৰু ‘প্ৰজেক্ট কে’ত ব্যস্ত।