বলিউডৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ অন্যতম হৈছে দীপিকা পাডুকন ৷ কেইবাখনো জনপ্ৰিয় ছবিৰ লগতে ৰাষ্ট্ৰীয় –আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ ফেশ্বন ইণ্ড্ৰাষ্ট্ৰিত তেওঁ ‘গ্ল’বেল আইকন’ হিচাপে পৰিচিত ৷ এইগৰাকী অভিনেত্ৰীয়েই এইবাৰ আন এক কৃতিত্ব লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলাৰ শীর্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছে দীপিকাই ৷ শীর্ষ ১০ গৰাকীৰ তালিকাত স্থান লাভ কৰা দীপিকা হৈছে একমাত্ৰ ভাৰতীয় মহিলা ৷ তেওঁ এই তালিকাত নৱম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷
আনহাতে জোডি কমাৰক বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা হিচাপে ঘোষণা কৰা হৈছে। বিয়ন্সে আৰু কিম কাৰ্দাছিয়ানেও শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ শেহতীয়া কম্পিউটাৰাইজড মেপিং কৌশল ব্যৱহাৰ কৰি বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা গৰাকী বাচি উলিয়াবলৈ ‘গোল্ডেন ৰেচিঅ’ অৱ বিউটি’ নামৰ প্ৰাচীন গ্ৰীক কৌশল প্ৰয়োগ কৰিছিল বুলি জানিব পৰা গৈছে।
ব্ৰিটেইনৰ প্লাষ্টিক চাৰ্জন ডাঃ জুলিয়ান ডি ছিলভাই শেহতীয়াকৈ অভিনেতা জোডি কমাৰক বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা বুলি অভিহিত কৰিছে কাৰণ তেওঁৰ মুখৰ উপাদানসমূহে নিখুঁত অনুপাতৰ যোগ্যতা পুৰণ কৰিবলৈ সক্ষম হৈছিল ৷ অভিনেতা জেণ্ডায়া আৰু মডেল বেলা হাদিদে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত স্থান লাভ কৰিছিল।
জোডিৰ উপৰিও তালিকাত থকা আন চেলিব্ৰিটিসকলৰ গোল্ডেন ৰেচিঅ’ৰ স্ক’ৰ হৈছে – জেণ্ডায়া (৯৪.৩৭ শতাংশ), বেলা হাদিদ (৯৪.৩৫ শতাংশ), বিয়ন্সে (৯২.৪৪ শতাংশ), এৰিয়ানা গ্ৰেণ্ডে (৯১.৮১ শতাংশ), টেইলৰ চুইফট (৯১.৬৪ শতাংশ), জৌৰ্ডান ডান (৯১.৩৯ শতাংশ), কিম কাৰ্দাছিয়ান (৯১.২৮ শতাংশ), দীপিকা পাডুকন (৯১.২২ শতাংশ) আৰু হোয়েন জং (৮৯.৬৩ শতাংশ)।