এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি লাভ কৰা ভাৰতীয় তাৰকাসকলৰ ভিতৰত অন্যতম হৈছে দীপিকা পাডুকন। বিদেশী ব্ৰেণ্ডৰ এম্বেছাদৰৰ পৰা আৰম্ভ কৰি বিশ্বকাপৰ ট্ৰফী মুকলি অনুষ্ঠানলৈকে দেখা গৈছে দীপিকাক ৷ অতি শীঘ্ৰে অস্কাৰৰ অন্যতম উপস্থাপক হ’বলৈ গৈ আছে দীপিকা। এক কথাত ক’বলৈ গ’লে দীপিকা বৰ্তমান এগৰাকী আন্তঃৰাষ্ট্ৰীয় তাৰকা। তাৰ ভিতৰত ‘পাঠান’ৰ সফলতাও আছে।
এইবাৰ তেওঁ তেলেগু ছবিত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। প্ৰভাসৰ দৰে তাৰকাৰ বিপৰীতে অভিনয় কৰিব দীপিকাই । ইতিমধ্যে দীপিকাই শ্বুটিং আৰম্ভ কৰিছে। ছবিখনৰ নাম ‘প্ৰজেক্ট কে’। এই ছবিখনৰ বাবে দীপিকাই কিমান টকা পাৰিশ্ৰমিক হিচাপে লাভ কৰিব সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব ৷ জানিব পৰা মতে দীপিকাই প্ৰথমখন তেলেগু ছবিত অভিনয়ৰ বাবে ১০ কোটিতকৈ অধিক পাৰিশ্ৰমিক লৈছে ৷ খবৰ অনুসৰি নাগ অশ্বিন পৰিচালিত ছবিখনৰ চিত্ৰনাট্য ভাৰতীয় মহাকাব্য মহাভাৰত আৰু তৃতীয় বিশ্বযুদ্ধৰ প্ৰেক্ষাপটত নিৰ্মাণ কৰা হৈছে। ছবিখনত অমিতাভ বচ্চনক অশ্বথামাৰ দৰে চৰিত্ৰত দেখা যাব। কৰ্ণৰ আৰ্হিত অভিনয় কৰিব প্ৰভাসে। অৱশ্যে ছবিখনৰ নিৰ্মাতাসকলে এতিয়াও দীপিকাৰ চৰিত্ৰ সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই।
অলপতে এই ছবিখনৰ শ্বুটিঙৰ সময়ত আহত হৈছিল অমিতাভ বচ্চন। ছবিখনৰ একচন দৃশ্যত অভিনয় কৰি থকা অৱস্থাত অমিতাভে বুকুত আঘাত পায় ৷ হায়দৰাবাদত প্ৰাৰম্ভিক চিকিৎসাৰ অন্তত শীঘ্ৰে মুম্বাইলৈ উভতি আহে প্ৰবীণ তাৰকাগৰাকী। সম্প্ৰতি বিশ্ৰাম লৈ আছে তাৰকাগৰাকী। শুনা গৈছে যে এই ছবিখন অহা বছৰৰ ১২ জানুৱাৰীত মুক্তি পাব।