প্ৰায় দুটা দশকৰ পাছত ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে ‘ডন’। ফাৰহান আখতাৰৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে ‘ডন ৩’। বলীউডৰ অন্যতম জনপ্ৰিয় ফ্ৰেঞ্চাইজি হৈছে ‘ডন’। ১৯৮৭ চনত প্ৰথমখন ডাঙৰ পৰ্দাত মুক্তি লাভ কৰিছিল অমিতাভ বচ্চন অভিনীত ‘ডন’। ইয়াৰ পিছত ২০০৬ চনত পৰিচালক ফাৰহানে শ্বাহৰুখ খানৰ সৈতে ‘ডন ২’ নিৰ্মাণ কৰিছিল। দুয়োখন ছবিয়ে ব্যৱসায়িকভাৱে সফল হৈছিল। ‘ডন’ৰ তৃতীয় খণ্ডৰ বাবেও ফাৰহানে শ্বাহৰুখক বিচাৰিছিল। কিন্তু শ্বাহৰুখ মান্তি নহ’ল। শ্বাহৰুখে অফাৰ ঘূৰাই দিয়াৰ পিছত ফাৰহানে ‘ডন ৩’ৰ বাবে ৰণবীৰক বাছি লৈছিল। ছবিখনৰ শ্বুটিঙৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। রএইবাৰ ছবিখনৰ বাজেট আকাশলংঘী।
ইয়াৰ পূৰ্বেও বলীউডত বিগ বাজেটৰ চিনেমা নিৰ্মাণ কৰা হৈছে। কিন্তু পুৰণি ফ্ৰেঞ্চাইজিৰ ডন-৩ৰ বাজেট সঁচাকৈয়ে বেছি। সাধাৰণতে শ্বুটিং আৰম্ভ হোৱাৰ আগতেই গোটেই ছবিখন নিৰ্মাণৰ বাবে কিমান টকা খৰচ হ’ব সেয়া সঠিকভাৱে কোৱা সম্ভৱ নহয়। কিন্তু চর্চা অনুসৰি ‘ডন ৩’ বনাবলৈ প্ৰায় ২৭৫ কোটি টকাৰ বাজেট তৈয়াৰ কৰা হৈছে। ‘ডন’ ফ্ৰেঞ্চাইজিৰ পূৰ্বৰ দুখন ছবিৰ বাজেট ইমান বেছি নাছিল। ফাৰহানে বৃহৎ পৰিসৰত নিৰ্মাণ কৰিব বিচাৰিছে ‘ডন ৩’। আৰু সেইবাবেই বাজেটৰ ক্ষেত্ৰত আপোচ কৰা হোৱা নাই।
‘ডন ৩’ কেৱল দেশতে নহয়, বিশ্বজুৰি সফল হওক। সেই উদ্দেশ্যে নিৰ্মাতাসকলে এই ছবিখন নিৰ্মাণৰ বাবে আগবাঢ়িছে ৷ অহা মাহৰ পৰা আৰম্ভ হ’ব ‘ডন ৩’ৰ পোষ্ট প্ৰডাকচনৰ কাম। সূত্ৰই জনোৱা মতে, চলিত বৰ্ষৰ আগষ্ট মাহৰ ভিতৰত ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব।