ৰামানন্দ সাগৰৰ জনপ্ৰিয় ধাৰাবাহিক ‘ৰামায়ণ’ত ‘ৰাৱণ’ৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল অভিনেতা অৰবিন্দ ত্ৰিবেদীয়ে । প্ৰকৃতাৰ্থত জনপ্ৰিয়তা বুলি ক’লেও হয়তো ভুল হ’ব ৷ কাৰণ এই চৰিত্ৰটোত শক্তিশালী অভিনয়ৰ বাবে অৰবিন্দ ত্ৰিবেদীক সৰ্বসাধাৰণ ৰাইজে ৰাৱণ বুলিয়েই যেন মানি লৈছিল আৰু সেয়ে বাস্তৱ জীৱনত বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল তেওঁ।
ৰাৱণৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেঁ তেওঁক মন্দিৰলৈ যাবলৈ দিয়া হোৱা নাছিল । এই ধাৰাবাহিকখনৰ পিছৰ পৰাই মানুহে তেওঁক খঙৰ দৃষ্টিৰে চাইছিল। আনকি ৰাৱণৰ চৰিত্ৰত অভিনয় কৰাৰ বাবেই তেওঁক মন্দিৰ সমূহত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হোৱা নাছিল । যাৰ বাবে সেইসময়ত তেওঁ ৰামভক্ত হনুমানক দৰ্শন কৰাৰ পৰা বঞ্চিত হৈছিল ।
ধাৰাবাহিকখনত নিজৰ চৰিত্ৰত অভিনয় কৰি থকাৰ সময়ত অৰবিন্দে কেইবাবাৰো ভগৱান ৰামক গালি- পাৰিবলগীয়া হৈছিল। তেওঁ ৰামক বনে বনে অনাই বনাই ঘূৰি ফুৰা বনবাসী বুলি কোৱাৰ বাবে তেওঁ ৰাইজৰ ঘৃণাৰ সন্মুখীন হ’বলগীয়া হৈছিল।এই কাৰণেই ১৯৯৪ চনত অযোধ্যাৰ হনুমান গঢ়ীত সংকট-মোচনৰ দৰ্শন কৰিবলৈ দিয়া নহ’ল এইগৰাকী অভিনেতাক ।
সংকটমোচন মন্দিৰৰ প্ৰধান পুৰোহিত ৰেৱতী বাবাই তেওঁক দেখি কৈছিল যে বাৰে বাৰে ভগৱান ৰামক অপমান কৰা বাবেই তেওঁক নহ’ব ৷
ইয়াৰ পিছত অৰবিন্দই বাৰে বাৰে প্ৰাৰ্থনা কৰাৰ পিছতো পুৰোহিতে তেওঁৰ কথা নুশুনিলে আৰু অভিনেতাজন দৰ্শন নকৰাকৈয়ে ঘৰলৈ উভতি যাব লগা হয়। এই ঘটনাই অভিনেতাজনক যথেষ্ট আঘাত দিছিল।