কভিড পৰিস্থিতিয়ে বিগত দুটা বছৰে দেশৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি তুলিছে। প্ৰভাব পৰিছে সমাজৰ প্ৰতিটো ক্ষেত্ৰত। বিশেষকৈ কভিডৰ সংক্ৰমণৰ বাবে উৎসৱ অনুষ্ঠিত কৰা ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে। বিগত বছৰটোত দেশবাসী য়ে উদযাপন কৰিব নাপালে দুৰ্গা পূজা। বৰ্তমান দেশৰ কভিড পৰিস্থিতি কিছু পৰিমানে উন্নত হৈছে যদিও পূৰ্বৰ দৰে জাকজমকীয়া ভাবে এইবাৰো অনুষ্ঠিত নহব দুৰ্গা পূজা।
দুৰ্গা পূজা আৰু বলিউডৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। কেইবাগৰাকী বলিউডৰ তাৰকা শিল্পীয়ে আড়ম্বৰপূৰ্ণ ভাবে আয়োজন কৰে দুৰ্গা পূজাৰ। এইক্ষেত্ৰত জনপ্ৰিয় অভিনেত্ৰী কাজল আৰু ৰাণী মুখাৰ্জী দুখোজ আগুৱাই থাকে । পৰিয়ালৰ সৈতে দুয়োগৰাকী তাৰকাই উলহ মালহৰে উদযাপন কৰে দুৰ্গা পূজা। উত্তৰ মুম্বাই সাৰ্বজনীন দূর্গা পূজাত এই দুই তাৰকাক প্রত্যক্ষ কৰা হয়। জনপ্ৰিয় অভিনেত্ৰী দুগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ অলেখ অনুৰাগীৰ আগমন ঘটে। পিছে এইবাৰ পূজাত অনুৰাগীয়ে দেখা নাপাব দুই গৰাকী শিল্পীক। কাৰণ কভিড ৰ বাবে ৰাণী আৰু কাজলে ভাৰ্চুৱেলভাৱেহে অংশগ্ৰহন কৰিব পূজাত। ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আয়োজক সকলে ভাৰ্চুৱেল ভাবে পূজা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাতে কভিডৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়।অৰ্থাৎ এইবাৰ পূজাত প্রিয় তাৰকা দুগৰাকীক দেখাৰ পৰা বঞ্চিত হব। কাজলৰ মাতৃ তনুজা আৰু ছবি নিৰ্মাতা আয়ান মুখাৰ্জীয়ে এই পূজাত অংশগ্ৰহণ কৰি আহিছে।