ক’ভিড মহামাৰীৰ পিছৰে পৰা মনোৰঞ্জনৰ আহিলা হিচাপে অ’টিটি প্লেটফৰ্মসমূহ দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছে। ৱেব ছিৰিজৰ লগতে অ’টিটি ছবিও পৰ্দাত মুক্তি পাবলৈ আৰম্ভ কৰিছে। ভাষাৰ কোনো বাধা নথকা অ’টিটিৰ জগতখনত সৰ্বাধিক উপাৰ্জন কৰা তাৰকা কোন জানেনে?
সূত্ৰ অনুসৰি অ’টিটিৰ পৰ্দাত সৰ্বাধিক উপাৰ্জনকাৰী হৈছে বলিউডৰ এজন অভিনেতা। অ’টিটিত পৰ্দাত অভিনয় কৰি ৱেব ছিৰিজত অভিনয় কৰি তেওঁ যিমান উপাৰ্জন কৰিছে আন কোনো তাৰকাই লাভ কৰা নাই। অজয় দেৱগনে অ’টিটি পৰ্দাত অভিনয় কৰি সৰ্বাধিক উপাৰ্জন কৰা তাৰকাৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। ৱেব ছিৰিজৰ প্ৰতিটো খণ্ডত অভিনয় কৰাৰ বাবে অজয়ে প্ৰায় ২১ কোটি টকাৰ পাৰিশ্ৰমিক লাভ কৰে ৷ ২০২২ চনত অ’টিটি প্লেটফৰ্মত মুক্তি পাইছিল ‘ৰুদ্ৰ: দ্য এজ অৱ ডাৰ্কনেছ’। ছয় খণ্ডৰ এই ছিৰিজখনত অজয়ক মুখ্য চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল। সূত্ৰ অনুসৰি ছয় খণ্ডৰ ৱেব ছিৰিজত অভিনয় কৰাৰ বাবে অজয়ে মুঠ ১২৫ কোটি টকাৰ পাৰিশ্ৰমিক লাভ কৰিছিল। ‘লুথৰ’ নামৰ বিদেশী ভাষাৰ ৱেব ছিৰিজৰ চিত্ৰনাট্যৰ আধাৰত ‘ৰুদ্ৰ: দ্য এজ অৱ ডাৰ্কনেছ। অজয়ৰ লগতে ৰাশি খান্না, অতুল কুলকাৰ্ণী, এছা দেওলে এই ধাৰাবাহিকখনত অভিনয় কৰিছিল।
অজয়ৰ পিছতে অ’টিটি পৰ্দাত সৰ্বাধিক উপাৰ্জন কৰা তাৰকাৰ তালিকাত স্থান লাভ কৰিছে বলীউডৰ আন এজন অভিনেতাই। ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত অ’টিটি প্লেটফৰ্মত মুক্তি পাইছিল ‘দ্য ফেমিলি মেন’। দহটা খণ্ডৰ এই ধাৰাবাহিকখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল অভিনেতা মনোজ বাজপেয়ীয়ে। ‘দ্য ফেমিলি মেন’ ৱেব ছিৰিজত শ্ৰীকান্ত তিৱাৰীৰ চৰিত্ৰত মনোজৰ অভিনয়ে দৰ্শকৰ হৃদয় জয় কৰিছিল। এই ধাৰাবাহিকখনৰ দ্বিতীয় ছিজন ২০২১ চনত মুক্তি পাইছিল। এই ছিজনতো মনোজে শ্ৰীকান্তৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। সূত্ৰ অনুসৰি ‘দ্য ফেমিলি মেন’ ধাৰাবাহিকৰ মুঠ ১৯টা খণ্ডত অভিনয় কৰি মনোজে প্ৰতিটো খণ্ডত ১০ কোটি টকাৰ পাৰিশ্ৰমিক লাভ কৰিছিল।