আশীৰ উর্ধ হোৱা সত্বেও অমিতাভ বচ্চনে পূৰ্ণ গতিত অভিনয় অব্যাহত ৰাখিছে ৷ তেওঁৰ সজীৱতা অন্তহীন। কিন্তু তেওঁ এটা সময়ত অভিনয় এৰিব বিচাৰিছিল! শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে ছলমান খানৰ পিতৃ চিত্ৰনাট্যকাৰ চেলিম খানে। অভিনয় জীৱনৰ আৰম্ভণিতে অমিতাভৰ ছবিবোৰ ফ্লপ হিচাপে বিবেচিত হৈছে ৷ এঘাৰখন ছবি ফ্লপ হৈছিল অভিনেতাগৰাকী। হতাশ হৈ অমিতাভে চলচ্চিত্ৰ জগত এৰি যোৱাৰ কথা ভাবিবলৈ আৰম্ভ কৰিছিল ৷
এনে এটা সময়ত তেওঁলৈ আহিছিল ‘জঞ্জীৰ’ ছবিখনৰ প্ৰস্তাৱ। নির্মাতাসকলকসকলক প্ৰয়োজন আছিল জয়া বচ্চনৰ। তেতিয়া জয়া বচ্চন অত্যন্ত জনপ্ৰিয় হৈ পৰিছিল ৷ ছবিখন বজাৰযোগ্য কৰি তুলিবলৈ জয়াৰ মুখৰ প্ৰয়োজন আছিল। পুত্ৰ আৰবাজ খানক চেলিমে কয়, ‘এই ছবিখনত মুখ্য চৰিত্ৰৰ বাবে দেৱ আনন্দ, ধৰ্মেন্দ্ৰ, দিলীপ কুমাৰৰ দৰে তাৰকাৰ কথা চিন্তা কৰা হৈছিল। ব্যক্তিগত কাৰণত ধৰ্মেন্দ্ৰ আৰু দেৱ আনন্দই অভিনয় কৰিবলৈ অস্বীকাৰ কৰে। দিলীপ কুমাৰে অনুভৱ কৰিছিল যে চৰিত্ৰটো অতি একমাত্ৰিক। পিছলৈ অৱশ্যে এই চৰিত্ৰটো নকৰাৰ বাবে তেওঁ অনুশোচনা কৰিছিল।“
চেলিমে কয় যে তেওঁ আৰু তেওঁৰ বন্ধু চিত্ৰনাট্যকাৰ জাভেদ আখতাৰে কিছুমান ছবিত অমিতাভৰ কাম ভাল পাইছিল যদিও একেৰাহে ফ্লপ ছবিৰ নজিৰ হোৱাৰ বাবে পৰিচালক প্ৰকাশ মেহৰাই তেওঁক ল’বলৈ আগ্ৰহী নাছিল। তেওঁ কয় “তেতিয়া অমিতাভ নতুন আছিল, তেওঁ এজন ভাল অভিনেতা আছিল, তাত কোনো সন্দেহ নাই। তেওঁৰ কণ্ঠ আৰু ব্যক্তিত্ব আকৰ্ষণীয় আছিল, তথাপিও ছবিবোৰৰ বিষয়বস্তু শক্তিশালী নাছিল বাবে ছবিবোৰ ফ্লপ হৈছিল। অৱশ্যে সাধাৰণতে ছবিখন ফ্লপ হ’লে অভিনেতাৰ ওপৰত দায়িত্ব থাকে। ১১খন ছবিৰ ফ্লপ হোৱাৰ পিছত তেওঁ উদ্যোগটো এৰিব বিচাৰিছিল। অভিনেত্ৰীসকলেও তেওঁৰ সৈতে কাম কৰিব বিচৰা নাছিল। ছবিখনত জয়াক নিয়াৰ কথা কওঁ। চিত্ৰনাট্য শুনাৰ পাছত জয়াই ভাবিলে, চিনেমাখনত তাইৰ বাবে একো কাম নাই। অৱশেষত জয়াই মোৰ কথাত অমিতাভৰ বাবে অভিনয় কৰিবলৈ মান্তি হ’ল।” ‘জঞ্জীৰে’ বলীউডত অমিতাভক প্ৰতিষ্ঠা কৰিছিল। ‘এংগ্ৰী ইয়ং মেন’ হিচাপে তেওঁৰ যাত্ৰাও এই ছবিখনৰ পৰাই আৰম্ভ হৈছিল।