VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আশা পাৰেখলৈ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান

এই কথা ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ

voicedesk by voicedesk
September 27, 2022
in মনোৰঞ্জন
বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আশা পাৰেখলৈ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় তথা প্ৰবীণ ভাৰতীয় অভিনেত্ৰী আশা পাৰেখলৈ আগবঢ়োৱা হৈছে  ভাৰতৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান দাদাচাহেব ফালকে বঁটা ৷ আজি এই ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে। ভাৰতীয় চলচ্চিত্ৰলৈ তেওঁ আগবঢ়োৱা জীৱনজোৰা দৃষ্টান্তমূলক অৱদানৰ বাবে লাভ কৰিব এই বঁটা। জানিবপৰা মতে ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব এই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান ৷ বিজ্ঞান ভৱনত  অনুষ্ঠিত হ’বলগীয়া এই  বঁটা বিতৰণ অনুষ্ঠানত বঁটা প্ৰদান কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিয়ে  ।উল্লেখযোগ্য যে  ২০২১ চনত, চুপাৰষ্টাৰ ৰজনীকান্তক  এই দাদাচাহেব ফালকে বঁটা প্ৰদান কৰা হৈছিল  ।

এই বৰ্ষৰ ৫২ সংখ্যক দাদাচাহেব ফালকে বঁটা বাছনিৰ জুৰীত আছিল  আশা ভোচলে, হেমা মালিনী, পুনম ধিলন, টি এছ নাগভৰানা আৰু উদিত নাৰায়ণকে ধৰি চলচ্চিত্ৰ উদ্যোগৰ পাঁচগৰাকী সদস্য। গুৰুত্বপূৰ্ণ যে এইবাৰ এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰবীণ তথা এসময়ৰ জনপ্ৰিয় বলীউড অভিনেত্ৰী পাৰেখ ভাৰতৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদ (চেঞ্চৰ বোৰ্ড)ৰ প্ৰথম মহিলা অধ্যক্ষ আছিল। তেওঁ ১৯৯৮ চনৰ পৰা ২০০১ চনলৈ এই পদত অধিষ্ঠিত আছিল। পৰৱৰ্তী সময়ত তেওঁ চিনে এণ্ড টেলিভিছন আৰ্টিষ্ট এছ’চিয়েচন (চিআইএনটিএ)ৰ কোষাধ্যক্ষ হয়।

১৯৪২ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল এইগৰাকী  অভিনেত্ৰী আশা পাৰেখে ৷  শিশু অভিনেতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰা অভিনেত্ৰী গৰাকীক ‘বেবী আশা পাৰেখ’ বুলিও জনা যায়। ১৯৫২ চনত মুক্তি  লাভ কৰা ‘মা’ আছিল তেওঁৰ প্ৰথম চলচ্চিত্ৰ । পিছত তেওঁক ‘বাপ-বেটি’ (১৯৫৪)ত দেখা পোৱা গৈছিল ৷ কিন্তু ছবিখনে দৰ্শকক প্ৰভাৱিত কৰাত ব্যৰ্থ হৈছিল৷  অৱশ্যে  কেইটামান শিশুৰ চৰিত্ৰ কৰাৰ পিছত, অভিনেত্ৰী গৰাকীয়ে  স্কুলীয়া শিক্ষা অব্যাহত ৰখাৰ সিদ্ধান্ত লয় আৰু চলচ্চিত্ৰৰ পৰা  বিৰতি লয়।

কিন্তু পুনৰ ১৯৫৯ চনত, তেওঁ শাম্মী কাপুৰৰ সৈতে ‘দিল দেকে দেখ’ত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰে।অভিনেত্ৰী গৰাকীৰ  কেইখনমান জনপ্ৰিয় চলচ্চিত্ৰৰ ভিতৰত আছে ‘জব প্যাৰ কিচি চে হোতা হে’ (১৯৬১), ‘মেৰী চুৰট তেৰী আঁখে’ (১৯৬৩), লাভ ইন টকিঅ'(১৯৬৬), ‘আয়া চাৱন ঝুমকে’ (১৯৬৯)কে  আদি কৰি বহুকেইখন জনপ্ৰিয় ছবি । ১৯৯৯ চনত তেওঁ অভিনয় কৰা  অন্তিমখন চলচ্চিত্ৰ আছিল ‘সৰ আঁখ’ পৰ’।গুৰুত্বপূৰ্ণ যে  ১৯৯২ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰিছিল।

 

Previous Post

জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰৰ কণ্ঠত শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি জনপ্ৰিয় হিন্দী গীতৰ পুনঃসংস্কৰণে

Next Post

পঞ্চম আৰু ষষ্ঠ শতিকাত শিৱ-শক্তি সম্প্ৰদায়ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল অম্বিকা মন্দিৰ

Related Posts

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!
মনোৰঞ্জন

ব্ৰিটেইনত সঞ্জয় দত্তৰ ভিছাৰ আবেদন বাতিল, দুই ছবিৰ শ্বুটিঙক লৈ অনিশ্চয়তা !!

August 6, 2024
অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব
মনোৰঞ্জন

অৱসৰ ল’ব নেকি আমিৰ খানে ! পুত্ৰ জুনাইদ খানক দিলে প্ৰডাকচন কোম্পানীৰ দায়িত্ব

August 5, 2024
কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?
মনোৰঞ্জন

কংগনাই বিক্ৰী কৰিলে মুম্বাইৰ ঘৰ ! ৰাজনীতিত ভৰি দিয়াৰ পাছত কিয় এই সিদ্ধান্ত কুইনৰ?

August 5, 2024
বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা
মনোৰঞ্জন

বলিউডৰ‌ প্ৰতিষ্ঠিত প্ৰথিতযশা সংগীত পৰিচালক জীতু শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

August 2, 2024
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!
মনোৰঞ্জন

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

August 2, 2024
চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ
মনোৰঞ্জন

চকুৰ সমস্যাত আক্ৰান্ত শ্বাহৰুখ খান, চিকিৎসাৰ বাবে যাব আমেৰিকালৈ

July 30, 2024
Next Post
পঞ্চম আৰু ষষ্ঠ শতিকাত শিৱ-শক্তি সম্প্ৰদায়ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল অম্বিকা মন্দিৰ

পঞ্চম আৰু ষষ্ঠ শতিকাত শিৱ-শক্তি সম্প্ৰদায়ৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল অম্বিকা মন্দিৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7