বলীউডত কঠোৰ পৰিশ্ৰম কৰাৰ পিছত এইবাৰ হলিউড জয়ৰ লক্ষ্যৰে আগবাঢ়িছে প্ৰিয়ংকা চোপ্ৰা জোনাছে। কেৰিয়াৰৰ শিখৰত অভিনেত্ৰীগৰাকীয়ে বলীউড এৰি সুদূৰ আমেৰিকালৈ গুচি যায়। তালৈ গৈ প্ৰিয়ংকাই ৰুছ’ ব্ৰাদাৰ্ছৰ সৈতে টিম আপ কৰিছিল আৰু ‘কুৱাণ্টিকো’, ‘বেৱাচ’, ‘ইজ নট ইট ৰোমান্টিক’, ‘দ্য মেট্ৰিক্স ৰিভল্যুচন’ৰ দৰে টেলিভিছন শ্ব’ আৰু ছবিত কাম কৰিছিল। হাজাৰ হাজাৰ টকা খৰছ কৰি নিৰ্মাণ কৰা হৈছিল ‘চিটাডেল’ ৱেব ছিৰিজ। ‘গেম অৱ থ্ৰ’নছ’ৰ অভিনেতা ৰিচাৰ্ড মেডেনে এই ছিৰজত প্ৰিয়ংকাৰ সৈতে অভিনয় কৰিছিল। তথাপিও এই ছিৰিজে নেদেখিলে লাভৰ মুখ । ছিৰিজটো ২০০০ কোটি টকা খৰচ কৰি নির্মাণ কৰাৰ পাছত আমাজনৰ লাভ প্ৰায় শূন্য। এইবাৰ অ’টিটি প্লেটফৰ্ম কৰ্তৃপক্ষই ছিৰিজখনৰ প্ৰযোজকসকলক খৰচৰ হিচাপ কৰিবলৈ কয়।
ৰুছ’ ব্ৰাদাৰ্ছৰ ‘চিটাডেল’ নিৰ্মাণ কৰিবলৈ প্ৰায় ২৫ কোটি মাৰ্কিন ডলাৰ খৰচ হৈছিল, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ২০০০ কোটি টকা। এই কল্পবিজ্ঞান থ্ৰিলাৰ ধাৰাবাহিকখন নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্মাতাসকলে কোনো খুত ৰখা নাই। ছিৰিজখন কাৰিকৰীভাৱে যাতে নিখুঁত সেই কথা মনত ৰাখি ব্যাপক পৰিমাণৰ ধনব্যয় কৰা হৈছিল ৷ কিন্তু প্ৰিয়ংকা আৰু ৰিচাৰ্ডৰ ‘চিটাডেল’ মুক্তিৰ পিছত আশা পূৰণ কৰিব নোৱাৰিলে। আনকি, এই ছিৰিজে নিজ নিজ অ’টিটি প্লেটফৰ্মৰ শীৰ্ষ দহটা শ্ব’ৰ তালিকাতো নাই। স্বাভাৱিকতে আৰ্থিক লোকচান সংশ্লিষ্ট অ’টিটি প্লেটফৰ্মে বহন কৰিবলগীয়া হয়।
প্ৰথম ছিজনটো দুৰ্যোগৰ সৃষ্টি হোৱাৰ পিছতো দ্বিতীয় ছিজনটোৰ প্ৰতিশ্ৰুতি দিছে ‘চিটাডেল’ৰ নিৰ্মাতাসকলে। এইবাৰ লাভৰ পৰিমাণ হিচাপ নকৰাকৈয়ে অধিক ধন খৰছ নহয় তাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে কৰ্তৃপক্ষই। প্ৰথম ছিজনটোৰ বাবে কৰ্তৃপক্ষই প্ৰতিটো খণ্ডৰ বাবে ২ কোটি মাৰ্কিন ডলাৰ খৰচ কৰাৰ কথা আছিল, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ১৬৫ কোটি টকা। সেই হিচাপে ছটা খণ্ডৰ খৰচ ১০০০ কোটিত সীমাবদ্ধ থাকিব লাগে। ‘চিটাডেল’ৰ নিৰ্মাতাসকলে প্ৰথম ছিজনত দুগুণ খৰচ কৰিছিল। দ্বিতীয় ছিজনত যাতে ইয়াৰ পুনৰাবৃত্তি নহয় তাৰ বাবে কৰ্তৃপক্ষই সাৱধান হ’ব বিচাৰে।